NORTHEAST NOW (Assamese)
অসম

অসমত অসমীয়াৰ অধিকাৰ কেতিয়াও হনন হ’ব নোৱাৰে : বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 4, 2019 8:27 pm
Minakshi Lekhi

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সাংসদ মিনাক্ষী লেখীয়ে।

বুধবাৰে গড়কপ্তানি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত এন আৰ চিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ খিলঞ্জীয়া লোকক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনায় লেখীয়ে।

‘অসমৰ অসমীয়াৰ অধিকাৰ কেতিয়াও হনন হ’ব নোৱাৰে। তেওঁলোকৰ অধিকাৰ বচাব লাগিব’- এইদৰে লেখীয়ে মন্তব্য কৰে।

আনহাতে, খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বাবেই অসমৰ ৰাইজে এনাৰচি লাভ কৰিলে বুলিও মন্তব্য কৰে বিজেপি নেত্ৰী গৰাকীয়ে।

‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত এন আৰ চিৰ কাম-কাজ চলিছিল যদিও ন্যায়ালয়ে প্ৰশাসনিক নিৰ্দেশ দিব নোৱাৰ। প্ৰশাসনিক নিৰ্দেশ ৰাজ্য চৰকাৰ বা ইয়াৰ অধীনৰ বিষয়া-কৰ্মচাৰীসকলেহে দিব পাৰিব’’- লেখীয়ে কয়।

তদুপৰি, উচ্চতম ন্যায়ালৰ নিৰ্দেশনাত ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত লৈ এন আৰ চিৰ কাম-কাজ হাতত ল’লে বুলি মন্তব্য কৰি তেওঁ কয় ‘‘অসমীয়া মানুহৰ অধিকাৰ সু-নিশ্চিত কৰিবৰ বাবে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে যিটো সঠিক বুলি ভাবে সেইটো কৰিব’’।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনে ভোট বেংকৰ স্বাৰ্থত অবৈধ বহু প্ৰব্ৰজনকাৰীক ৰক্ষণাবেক্ষণ দিয়া বুলিও গুৰুতৰ অভিযোগ তোলে মিনাক্ষী লেখীয়ে।

তাৰোপৰি, যদি ক’ৰবাত NRCৰ প্ৰক্ৰিয়াত ভুল হৈছে তেনেহ’লে তাৰ শুধৰণি ঘটাব লাগে বুলিও লেখীয়ে মত ব্যক্ত কৰে।