NORTHEAST NOW (Assamese)
অসম

১৪ বছৰৰ ভিতৰত দিল্লীত আজিৰ দিনটোতে সৰ্বনিম্ন তাপমাত্ৰা, জনজীৱন স্তব্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 2:58 pm
a delhi_570_850_(1)

প্ৰচণ্ড শীত প্ৰৱাহে জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক।

ৰাজধানী চহৰ খনত আজি অৰ্থাৎ শুকুৰবাৰে পুৱাই বিগত ১৪ বছৰৰ ভিতৰত সৰ্বনিম্ন তাপমাত্ৰা হোৱা পৰিলক্ষিত হয়।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত দিল্লীৰ তাপমাত্ৰা আছিল ৭.৫ ডিগ্ৰী চেলচিয়াছ।

বিগত ১৪ বছৰত কোনো দিনেই নৱেম্বৰ মাহত ৰাজধানী চহৰ খনত এনেদৰে তাপমাত্ৰা নিম্নগামী হোৱা নাছিল।শীত প্ৰবাহৰ ফলত ৰাজধানী চহৰ খনৰ জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি দিল্লীত এতিয়া ক’ৰ’ণা ভাইৰাছে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰা দেখা গৈছে।

মাজতে দিল্লীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভালেখিনি কমি গৈছিল যদিও শীতৰ আগমণৰ লগে লগে পুনৰ দিল্লীত ক’ৰ’ণাই নতুন আতংকৰ সৃষ্টি কৰিছে।

উল্লেখ্য দিল্লীত শীত প্ৰবাহ পুনৰ বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈ আহিছে।

প্ৰতি বছৰে শীতপ্ৰবাহৰ ফলত দিল্লীত বহু লোকৰ মৃত্যুও ঘটি আহিছে।

বিগত বৰ্ষৰ আজিৰ দিনটোত দিল্লীৰ তাপমাত্ৰা আছিল ১১.৫ ডিগ্ৰী চেলচিয়াছ।

২০১৭ আৰু ২০১৮ চনত আজিৰ দিনটোত দিল্লীত তাপমাত্ৰো আচিল ক্ৰমে ৭.৬ আৰু ১০.৫ ডিগ্ৰী চেলচিয়াছ।