NORTHEAST NOW (Assamese)
অসম

গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস; নগাঁৱত সত্ৰীয়া নৃত্যৰ কৰ্মশালা

Posted by: মিণ্টু দাস July 21, 2018 8:18 am
kujidah, satriya dance workshop.jpg 2

গুৰুজনা সৃষ্ট প্ৰাচীন পৰম্পৰগত ধাৰাৰ সূত্ৰধাৰী নৃত্য, মাটি আখৰা, চালি নৃত্যকে ধৰি বিভিন্ন সত্ৰীয়া নৃত্য নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াসেৰে নগাঁও জিলাৰ হাতীচোং কুঁজীডাহত চলি আছে এক বিশেষ সত্ৰীয়া কৰ্মশালা। খোল, তালৰ হৃদয় পৰশা ঝংকাৰ, নৃত্যৰ লয়লাসত জীপাল হৈছে কুঁজীডাহ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ।

kujidah, satriya dance workshop
নগাঁৱৰ কুঁজীদাহত চলি থকা সত্ৰীয়া নৃত্যৰ কৰ্মশালাত অংশ লৈছে আগ্ৰহী নৱ প্ৰজন্মই। ফটো : নৰ্থইষ্ট নাও

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘হেঁপাহ’ৰ সহযোগত চলি থকা কৰ্মশালাখনিত নগাঁও-মৰিগাঁও বিভিন্ন প্ৰান্তৰ প্ৰায় ৮২ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।

কৰ্মশালাখনিত বন্দনা বৰ্মন, বিপাঞ্চী গোস্বামীকে ধৰি কেইবাগৰাকীও সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰি আছে। অহা ২৪ জুলাইত কৰ্মশালাখনিৰ অন্ত পৰিব। সামৰণি উপলক্ষে অনুষ্ঠিত হ’বলগা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে ভাগ ল’ব অসম  চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা বৰ্ণালী শৰ্মাই।

আনহাতে,এই অনুষ্ঠানতে অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱনাধাৰিত নাটক ‘সাগৰ তলে গংগা’ মঞ্চস্থ কৰা হ’ব। নাট্যকাৰ গুণদা গোস্বামীৰ ৰচনা আৰু বিদ্যুৎ কুমাৰ নাথৰ পৰিচালনাত মঞ্চস্থ হ’ব লগা নাটকখনিৰ ‘আখৰা’ এতিয়া পূৰ্ণগতিত চলি আছে বুলি জনাইছে ‘হেপাঁহ’ৰ সভাপতি জিতু তপন বৰা আৰু সম্পাদক নয়নজ্যোতি বৰাই।