• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা (স্বাধীন)ত মোক্ষম আঘাত,অসম-অৰুণাচল সীমান্তত ধৰা পৰিল সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
September 20, 2021 7:06 pm
198
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে অসম অৰুণাচল সীমান্তৱৰ্তী টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা অৰুণাচলস্থিত ১৯ নং অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ মহিলা সদস্যা মিটু অসমক আটক কৰা হৈছিল।

সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এগৰাকী আলফা(স্বাধীন)ৰ সদস্যক আটক কৰি আলফা(স্বাধীন)ক মোক্ষম আঘাত হানিবলৈ সক্ষম হৈছে সেনাবাহিনী আৰু অসম আৰক্ষী।

দেওবাৰে জয়ৰামপুৰস্থিত ১৯ নং অসম ৰাইফলছ আৰু অসম আৰক্ষীয়ে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ এখন দলঙৰ সমীপত অভিযান চলাই আলফা(স্বাধীন)ৰ সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ২০২০ চনৰ কা আন্দোলনৰ সময়ত সমীৰণ সোনোৱালে আলফা(স্বাধীন)ত যোগদান কৰিছিল।
সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ ইনথেম নগাপথাৰত বুলি জানিব পৰা গৈছে।

আটকাধীন সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমৰ পৰা সেনাবাহিনী আৰু আৰক্ষীয়ে বিদেশত নিৰ্মিত এটা পিষ্টল, মেগজিন, গুলী আৰু বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে।

বৰ্তমানে আলফা(স্বাধীন)ৰ সদস্যজনক লেখাপানী আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

যি সময়ত আলফা স্বাধীনে নিজৰ শক্তিশালী স্থিতিৰ উমান দিবলৈ চেষ্টা কৰি অহা পৰিলক্ষিত হৈছে তেনে সময়তে এজনৰ পাছত আন এজন সদস্য সেনাবাহিনী আৰু আৰক্ষীৰ চক্ৰবেহুত বন্দী হৈ আটক হৈছে।

এনে ধৰণৰ ঘটনাই প্ৰকৃততে কিহৰ ইংগিত বহন কৰিছে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।

আলফা (স্বাধীন)ক দুৰ্বল কৰাৰ ই এক চক্ৰান্ত নে আলফা (স্বাধীন)ৰ প্ৰতি সদস্য সকলৰ মোহভংগ ঘটিছে সেই কথা কিন্তু বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd