NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত বড়ো মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ June 11, 2022 7:59 pm
তামুলপুৰত বড়ো মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত

যি সময়ত ৰাজ্যৰ কেইবাখনো চৰকাৰী বিদ্যালয়ত শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল, সেই সময়তে তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ দাওগাংবাৰী বড়ো মাধ্যমৰ হাইস্কুলৰ পৰা এশ শতাংশ ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ৷

উপযুক্ত আন্তঃগাঁথনি অবিহনে বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয় দাওগাংবাৰী বড়ো মাধ্যমৰ হাইস্কুলৰ পৰা এইবাৰ ১১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

১১৭ গৰাকীৰ ভিতৰত ১ জনে ষ্টাৰ নম্বৰ , ২০ গৰাকী প্ৰথম বিভাগ, ৮৫ গৰাকী দ্বিতীয় বিভাগ আৰু ১১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷

বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ- ছাত্ৰীৰ সহযোগত নিয়মিত পাঠদান কৰা বিদ্যালয়খনৰ এনে সফলতাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰাৰ অব্যাহত থকাৰ সমান্তৰাল ভাৱে তামুলপুৰ জিলাৰ দাওগাংবাৰী বড়ো মাধ্যম হাইস্কুলৰ পৰা এশ শতাংশ উত্তীৰ্ণৰ খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে ১৯৮৬ স্থাপিত হোৱা আৰু ২০১৩ চনত প্ৰাদেশীকৃত হোৱা বিদ্যালয়খনৰ পৰা প্ৰাদেশীকৃত হোৱা বৰ্ষটোৰ লগতে ২০২০, ২০২১ বৰ্ষতো এশ শতাংশ ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈছিল ৷