NORTHEAST NOW (Assamese)
Popular Stories

মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিলে কোনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2019 9:21 pm
AK Mittal sworn in as new Chief Justice of Meghalaya HC

মঙলবাৰে শপত লৈ ন্যায়াধীশ অজয় কুমাৰ মিত্তাল হ’লগৈ মেঘালয় উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ।

মেঘালয়েৰ ৰাজ্যপাল তথাগত ৰয়ে শ্বিলঙৰ ৰাজ ভৱনত মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ মিত্তালক শপত বাক্য পাঠ কৰোৱায়।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে যোৱা ৮ এ’প্ৰিলত মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ মিত্তালৰ নাম পৰামৰ্শ আগবঢ়োৱাৰ পিছত শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নিযুক্তি দিছিল।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে সেৱা আগবঢ়াই অহা ন্যায়াধীশ মিত্তাল মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ মহম্মদ য়াকুব মিৰৰ স্থানাভিষিক্ত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে ন্যায়াধীশ মহম্মদ য়াকুব মিৰে অৱসৰ গ্ৰহণ কৰিছে।

১৯৫৮ চনৰ ৩০ চেপ্তেম্বৰত চন্দিগড়ত জন্ম গ্ৰহণ কৰা ন্যায়াধীশ মিত্তালে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ পৰা ১৯৭৭ চনত প্ৰায় বিচ বছৰ বয়সত বি কম (সন্মানসহ) ডিগ্ৰী আৰ্জন কৰিবলৈ সক্ষম হৈছিল।

তাৰ পৰৱৰ্তী পৰ্য্যায়ত ন্যায়াধীশ মিত্তালে ১৯৮০ চনত একেখন দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্তি অৱ লৰ পৰা এল এল বি ডিগ্ৰী পাবলৈ সক্ষম হয়।

তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবাহী মুখ্য ন্যায়াধীশৰূপে ২০১৮চনৰ ৪ মে’ৰ পৰা ২০১৮ চনৰ ২ জুনলৈকে দায়িত্ব চলাইছিল।