ক’ৰ’নাৰ বাবে ব’ল ব’মৰ কাৰ্য্যসূচী বাতিল কৰিছে শুক্ৰেশ্বৰ দেৱালয়ে

বিশ্বত্ৰাস ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ঐতিহ্যমণ্ডিত শুক্ৰেশ্বৰ দেৱালয়ত প্ৰতিবছৰে জুলাই মাহত অনুষ্ঠিত হৈ অহা ব’ল ব’মৰ সকলো কাৰ্য্যসূচী এইবছৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কতৃপক্ষই।
বৃস্পতিবাৰে শুক্ৰেশ্বৰ দেৱালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক সংবাদ মেলত মন্দিৰ পৰিচলনা সমিতিৰ কাৰ্য্যকৰী সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই এই কথা জানিবলৈ দিয়ে।
ভট্টচাৰ্য্যই কয়, ‘ব’ল বমৰ সময়ত শুক্লেশ্বৰ দেৱালয়, বশিষ্ঠ দেৱালয়, জনাৰ্দ্দন দেৱালয় আৰু বানেশ্বৰ দেৱালয়ত বহু ভক্তৰ সমাগম হয়। ৫ জুলাইৰ পৰা ৩ আগষ্টলৈ অনুষ্ঠিত হ’ব ব’ল ব’ম। সেই বাবেই আটাইকেইখন দেৱালয়ৰ সমিতিয়ে আলোচনা কৰি ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ব’ল ব’মৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে’।
আনহাতে বহুতো ভক্তৰ আগমন হয় ব’ল ব’ম উপলক্ষে সেয়ে কৰ’না সংক্ৰমন ৰোধ কৰিবলৈ চৰকাৰে বলবৎ কৰা নিয়মাৱলীসমূহ মানি চলা সম্ভৱ নহ’বও পাৰে লগতে ইয়াৰ ফলত গণ সংক্ৰমনৰ আশংকা অধিক বুলি বিবেচনা কৰি এই বৰ্ষৰ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি কয় ভট্টচাৰ্য্যই ৷
ইপিনে ব’ল ব’মৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ জিলা প্ৰশাসনক অনুৰোধ জনাই ৷
সংবাদমেলত উপস্থিত থাকে বশিষ্ঠ ,জনাৰ্দন আৰু বানেশ্বৰ দেৱালয়ৰ প্ৰতিনিধিবৰ্গ।