NORTHEAST NOW (Assamese)
অসম

মণিপুৰত চৰকাৰ গঠনৰ দাবী উত্থাপন কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2020 7:07 pm
Congress stakes claim to form govt in Manipur

কংগ্ৰেছে বৃহস্পতিবাৰে আবেলি মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাক সাক্ষাৎ কৰি ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে।

প্ৰাক্তন মুখ্য মন্ত্ৰী অ’ক্ৰাম ইববি সিঙৰ নেতৃত্বত এন পি পি আৰু টি এম চিৰ বিধায়কসহ যোৱা এটা দলে ইম্ফলৰ ৰাজ ভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰিছে।

“তিনিবাৰৰ কংগ্ৰেছ মুখ্য মন্ত্ৰী (২০০২ৰ পৰা ২০১৭) শ্ৰী অ’ক্ৰাম ইববি সিঙে আজি মণিপুৰৰ ৰাজ্যপাললৈ এক পত্ৰৰ জৰিয়তে নতুন এছ পি এফ (Secular Progressive Front) গঠনৰ দাবী উত্থাপন কৰিছে এছ পি এফৰ সকলো সদস্যৰ সমৰ্থন লৈ,” মণিপুৰ কংগ্ৰেছৰ মুখপাত্ৰ নিংগমবাম বুপেন্দ মেইটেইয়ে এক টুইটত কয়।

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত এন পি পিকো ধৰি ১২গৰাকী বিধায়কে ভাৰতৰ সংবিধানৰ ১৭৯ (চি) অনুচ্ছেদৰ অধীনত মণিপুৰ বিধান সভাৰ অধ্যক্ষক আঁতৰাবলৈ এক জাননী জাৰি কৰিছিল।

মন্ত্ৰী এল জয়ন্তকুমাৰ সিং, য়ুমনাম জয়কুমাৰ সিং, লেতপাও হাওকিপ আৰু এন কায়িছিয়ে মঙলবাৰে বিজেপি নেতৃত্বাধীন চৰকাৰলৈ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল।

জিৰিবামৰ নিৰ্দলীয় বিধায়কগৰাকী আৰু তৃণমূল কংগ্ৰেছৰ বিধায়কেও কংগ্ৰেছৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছিল।

আস্থাৰ ভোটত সহজেই জয়ী হ’ব বুলি কংগ্ৰেছ আত্মবিশ্বাসী। কংগ্ৰেছৰ ২৯, বিজেপিৰ ২২ আৰু বিধান সভাৰ অধ্যক্ষক ধৰি ৫২গৰাকী বিধায়কে ভোট দিব পাৰিব।