NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰীৰ ৰাজপথত ৰাছিয়ান যুৱতী…. আৰু তাৰ পাছত?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 26, 2020 6:54 pm

আজি বিয়লি প্ৰায় ৫ বজাত মহানগৰীৰ ৰাজপথত হাতত Home Quarantine ষ্টাম্প থকা এগৰাকী ৰাছিয়ান যুৱতী ঘূৰি ফুৰা ঘটনা পোহৰলৈ আহিছে। যুৱতীগৰাকীৰ নাম আমিনা বুলি জানিব পৰা গৈছে।

দিচপুৰ থানাৰ অন্তৰ্গত খ্ৰীষ্টানবস্তিৰ বাছ ষ্টেণ্ডত বহি থকা অৱস্থাত যুৱতীগৰাকীক পল্টন বজাৰ আৰক্ষীয়ে প্ৰতক্ষ কৰে।

পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল চাংমাইয়ে জনোৱা অনুসৰি আমিনা বয়ফ্ৰেণ্ডৰ সৈত পল্টনবজাৰস্থিত হোটেল বন্দনাত আছিল। দুয়োকে হোটেলখনৰ আইছ’লেশ্যন কক্ষত আছুতীয়াকৈ ৰখা হৈছিল।

জানিব পৰা মতে বয়ফ্ৰেণ্ডৰ সৈতে কাজিয়া লাগি ছোৱালীজনীয়ে খং কৰি হোটেলৰ বাহিৰলৈ ওলাই আহিছিল। হোটেলৰ পৰা ওলাই আহি বাছ ষ্টেণ্ডত বহি থকা অৱস্থাতে পল্টনবজাৰ থানাৰ তহলদাৰী আৰক্ষীয়ে প্ৰতক্ষ্য কৰি আইছ’লেশ্যন ৱাৰ্ড থকা ক’ন্টাৰ হোটেললৈ যুৱতীগৰাকীক লৈ যায়।

বন্দনা হোটেলত থকা যুৱতীগৰাকীৰ বয়ফ্ৰেণ্ডকো এতিয়া ক’ন্টাৰ হোটেললৈ লৈ আহিব বুলি চাংমাইয়ে আমাৰ সাংবাদিকক জনায়।

উল্লেখযোগ্য যে,  ৰাচিয়ান যুৱতীগৰাকী তেওঁৰ বয়ফ্ৰেণ্ডৰ সৈতে পাঁচ দিন পূৰ্বে এলাহাবাদৰ পৰা গুৱাহাটীলৈ আহিছিল। হাতত Home Quarantine ষ্টাম্প থকাত তেওঁক বাহিৰ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল ৰাজ্য চৰকাৰে।

প্ৰশ্ন হয়, নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা বিলাসী হোটেলত আৱদ্ধ হৈ থকাৰ পাছত কেনেকৈ যুৱতীগৰাকী ৰাজপথলৈ ওলাই আহিল?