NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাক প্ৰতিহতৰ প্ৰস্তুতি; ৰাজ্য চৰকাৰলৈ ১.৫ আৰু ১.১ কোটি টকাৰ সাহায্য ঘোষণা সাংসদ বদৰুদ্দিন আজমল আৰু ভূৱনেশ্বৰ কলিতাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 26, 2020 6:37 pm
Badaruddin Ajmal And Bhubaneswar

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে চৰকাৰ তথা প্ৰশাসনে জনসাধাৰণৰ সহযোগিতাত এই মৰাত্মক ভাইৰাছ বিধৰ পৰা দেশক মুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

দেশৰ বিভিন্ন ৰাজনৈতিক নেতা, অভিনেতা, খেলুৱৈ সকলে চৰকাৰক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে প্ৰয়োজনীয় চিকিৎসা ক্ৰয় কৰাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে।

শেহতীয়াভাৱে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ, সজাগতা আৰু প্ৰতিৰোধী ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সাহায্য পুজিলৈ ১ কোটি ৫০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

আনহাতে, বদৰুদ্দিন আজমলৰ লগতে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতায়ো ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান আৰু ভাইৰাছবিধক প্ৰতিৰোধ কৰাৰ বাবে নিজৰ সাংসদ পুঁজিৰ পৰা ১ কোটি টকা ৰাজ্য চৰকাৰলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

তদুপৰি, গুৱাহাটীত চিকিৎসালয় নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ উপৰিও ব্যক্তিগতভাৱে ১০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে সাংসদ গৰাকীয়ে।

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আইচিয়ু স্থাপনৰ বাবে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও সাংসদ কলিতাই লগতে কয়।