NORTHEAST NOW (Assamese)
অসম

চ্যুকাফা চীনা আক্ৰমণকাৰী! অসমীয়াৰ বুকুত কামোৰাৰ সাহস কৰা কোন এই গৰ্গ চেটাৰ্জী?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 18, 2020 7:06 pm
Gorg Chatergee Final

অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক তথা আহোম ৰাজবংশৰ প্ৰথমগৰাকী স্বর্গদেউ চাওলুং চ্যুকাফাক চীনা আক্ৰমণকাৰী সজাই অসমীয়াৰ বুকুত পুনৰ কামোৰাৰ সাহস কৰিলে কলকাতাৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে।

কালি নিশা প্ৰায় ৯:১৪ ত টুইটাৰযোগে গর্গই  চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিয়াৰ লগতে তাচ্ছিল্যসূচক মন্তব্য কৰে।

‘ভাৰতত এখন ৰাজ্য আছে য’ত অসম বিজেপিয়ে ‘ৰাজ্য দিৱস’ৰ দিনটোত চীনা আক্ৰমণকাৰীক শ্ৰদ্ধা জনায়। যিজনে ভাৰতক চীনা সৈন্য লগত লৈ অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল। এইজন আক্ৰমণকাৰীক নায়ক সজাই ভাৰত বিৰোধী সশস্ত্ৰ সংগঠন আলফাই।‘ অসম সম্পৰ্কে সম্যক জ্ঞান নথকা তথাকথিত বুদ্ধিজীৱীগৰাকীয়ে প্ৰথম টুইটত এই দৰে লিখে।

অৱশ্যে, কিছু সময় পাছত তেওঁ এই পোষ্টটো ডিলিট কৰি তাতে ক্ষান্ত নাথাকি পুনৰ সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি এটা টুইট লিখে বিতৰ্কিত বুদ্ধিজীৱীগৰাকীয়ে।

অসমক শত্ৰুজ্ঞান কৰা বিতৰ্কিত বুদ্ধিজীৱীগৰাকীয়ে দ্বিতীয় টুইটত লিখি কয়, ‘কি কাৰণত সৰ্বানন্দ সোণোৱালে নিয়মীয়াকৈ চীনা আক্ৰমণকাৰী আৰু তেওঁৰ সৈন্যবাহিনীৰ জন্মদিৱস উদযাপন কৰে? ঠিক সেইদৰে কিয় নিষিদ্ধ ঘোষিত সংগঠন আলফাই চীনা আক্ৰমণকাৰীসকলৰ দিৱস উদযাপন কৰে? কিয় বিজেপি চৰকাৰে ভাৰত চৰকাৰৰ ধন চীনা আক্ৰমণকাৰীৰ মূৰ্তি নিৰ্মাণ কৰাৰ নামত খৰচ কৰে?’

প্ৰশ্ন হয়, কেনেকৈ এই স্বয়ম্ভু বুদ্ধিজীৱীজনে বীৰ পুৰুষ হিচাপে অসমীয়াই শ-শ বছৰ শ্ৰদ্ধা জনাই অহা চ্যুকাফাক চীনা আক্ৰমণকাৰী সজাব পাৰিলে? কেনেকৈ এই বীৰ পুৰুষক চীনা আক্ৰমণকাৰী সজাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিলৈ এই প্ৰশ্ন কৰিব পাৰিলে?

garg chetargee tweet
গৰ্গ চেটাৰ্জীৰ বিতৰ্কিত টুইট দুটাৰ স্ক্ৰীণশ্বট।

তাৰ পাছতো বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰাজ্যিক বিজেপি অথবা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ইপিনে, এই কাণ্ডৰ পাছতে অভব্যতাৰ সীমা চেৰাই যোৱা গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে আজি ডিব্ৰুগড় সদৰ থানাত এক এজাহাৰ দিয়ে ভাস্কৰ জ্যোতি গগৈ নামৰ এজন যুৱকে।

Ejahar Copy
ডিব্ৰুগড়ৰ ভাস্কৰ জ্যোতি গগৈয়ে দাখিল কৰা এজাহাৰখন।

এজাহাৰৰ জৰিয়তে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায় গগৈয়ে।

উল্লেখযোগ্য যে, ২০১৯ চনৰ মে’ মাহত ছ’চিয়েল মিডিয়াযোগে চলো পাল্টাই-২০২১ শ্ল’গান ৰাজহুৱা কৰি ২০২১ত অসমৰ বাঙালীসকলক যুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনাই অসমত বিভাজন অনাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল গৰ্গ চেটাৰ্জীকে ধৰি তিনিজন বুদ্ধিজীৱীয়ে।

এইক্ষেত্ৰত জাতি-মাটি-ভেটি সুৰক্ষিত ৰখাৰ কথা কোৱা বিজেপি চৰকাৰে গৰ্গৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।