NORTHEAST NOW (Assamese)
অসম

এইবাৰ চীনৰ সংস্থাৰ ৫০০ কোটি টকাৰ চুক্তি বাতিল কৰিলে ভাৰত চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2020 6:36 pm
DFC-660

ভাৰত-চীনৰ মাজত লাডাখ সীমান্তত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছত দেশত চীনৰ সামগ্ৰী বৰ্জন তথা আত্মনিৰ্ভৰশীলতাৰ শ্ল’গানৰ জোৱাৰ উঠিছে।

এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে চীনক অৰ্থনৈতিকভাৱে এসেকা দিবলৈ পৰিকল্পনা আৰম্ভ কৰিছে।

বুধবাৰে চৰকাৰে বিএছএনলত চীনৰ যন্ত্ৰাংশৰ ব্যৱহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পাছত এইবাৰ চীনৰ সৈতে আৰু এটা প্ৰকল্পৰ চুক্তি বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে।

চীনৰ সংস্থাৰ পৰা প্ৰায় ৫০০কোটি টকাৰ চুক্তি বাতিল কৰা হৈছে।

ভাৰতৰ ৪১৭ কিলোমিটাৰ ফ্ৰেইট ক’ৰিডৰ অৰ্থাৎ মালগাড়ীৰ লাইন নিৰ্মাণৰ চুক্তি লাভ কৰিছিল বেইজিং নেশ্যনেল ৰেইলৱে ৰিচাৰ্ছ এণ্ড ডিজাইন সংস্থাই।

২০১৬চনত ৪৭১কোটি টকাৰ নিবিদাত অনুমোদন জনোৱা হৈছিল।

যোৱা চাৰি বছৰত ইয়াৰ মাত্ৰ ২০ শতাংশ কাম সম্পন্ন হৈছে। ৰেইল বিভাগে জানিবলৈ দিয়া মতে কামৰ লেহেম গতিৰ বাবে এই চুক্তি বাতিল কৰা হৈছে।

ইপিনে, লাডাখত ভাৰত-চীনৰ মাজত সংঘাত বৃদ্ধি পাইছে আৰু চীনে বিশ্বাসঘাতকতা কৰাৰ অভিযোগত ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে।

ভাৰতৰ ব্যৱসায়িক গোষ্ঠীয়েও চীনক অৰ্থনৈতিকভাৱে প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈছে আৰু দ্য কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে চীনৰ তিনি হাজাৰ পণ্য সামগ্ৰী বৰ্জন কৰাৰ আহ্বান দিছে।