NORTHEAST NOW (Assamese)

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

July 12, 2025 4:59 pm · এন ই নাও নিউজ, গুৱাহাটী

হিন্দুৰ আস্থা থকা তিৰুপতি মন্দিৰত কমেও ১০০০ অহিন্দু শ্ৰমিকে কাম কৰি আছে! শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী সঞ্জয় কুমাৰে মন্দিৰ কৰ্তৃপক্ষ ‘তিৰুমালা তিৰুপতি দেৱস্থানমছলৈ পত্ৰ লিখি এই অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে, সনাতন ধৰ্মৰ ওপৰত বিশ্বাস নথকাকৈ ইমানবোৰ অহিন্দুৱে কেনেকৈ টিটিডিত কাম কৰি আছে? এইসকল লোকক শীঘ্ৰে কৰ্তব্যৰ পৰা অপসাৰণ কৰিবলৈ দাবী জনাইছে। কেৱল সেয়াই নহয়, এই ঘটনাত মন্দিৰৰ ভিতৰত ষড়যন্ত্ৰ হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

এই বিষয়ত সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “ভেংকেশ্বৰ মন্দিৰলৈ অহা সকলো অহিন্দুৱে তেওঁলোকক ক’ব লাগিব যে তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখে। মন্দিৰৰ ভিতৰত ১০০০ অহিন্দুৱে কাম কৰাটো কেনেকৈ সম্ভৱ? যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে, তথাপিও টিটিডিত কাম কৰি আছে।”

এই বিষয়ত টিটিডিলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখিছে, “যদি আগতে কোনো অহিন্দু কৰ্মচাৰী নিযুক্তি দিয়া হৈছিল, তেন্তে সেই নিয়ম এতিয়াও কিয় সলনি কৰা হোৱা নাই?” এই ঘটনাত মন্দিৰৰ ভিতৰত দুৰ্নীতি হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। এই ঘটনাৰ তদন্ত কৰিবলৈ তেওঁ দাবী জনাইছে।

মন কৰিবলগীয়া যে, ১৯৮৯ চনৰ ‘এণ্ডাউমেণ্ট এক্ট অনুসৰি টিটিডিৰ সকলো কৰ্মচাৰীয়ে হিন্দু সংস্কাৰ মানি চলিবলৈ বাধ্য হব। এই সন্দৰ্ভত বৰ্ডে স্পষ্ট বাৰ্তা দিছে যে তিৰুমালাত হিন্দু বিশ্বাসৰ সৈতে কোনো আপোচ নহব। মন্দিৰৰ সংস্কৃতিক সকলোৱে সন্মান কৰিব লাগিব। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কৰ্তব্য উলংঘা কৰাৰ অভিযোগত ১৮ জন কৰ্মচাৰীক কৰ্তব্যৰ পৰা আঁতৰাই দিয়া হৈছিল। অন্ধ্ৰ প্ৰদেশৰ বিজেপি দলে টিটিডিৰ এই সিদ্ধান্তক সমৰ্থন কৰিছিল। এইবাৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী সঞ্জয় কুমাৰে সেই বিষয়ত বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

Related News