NORTHEAST NOW (Assamese)

মই ভাগৰা নাই…বিশ্ব অভিলেখ গঢ়িলে ১০৫ বছৰীয়া দৌৰবিদ জুলিয়া হাৰিকেন হকিন্সে,চাওঁক ভিডিঅ’

November 13, 2021 4:49 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 13, 2021 5:08 pm

বয়সৰ জোখেৰে জীৱনক কেতিয়াও জুখি চোৱা নাই তেওঁ। সেই বাবেই তেওঁ ভাগৰা নাই।

১০৫ বছৰ বয়সীয়া মহিলা দৌৰবিদ জুলিয়া হাৰিকেন হকিন্সে শেহতীয়াকৈ ১০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি পদক বিজয়ৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

আমেৰিকাৰ লুইছিয়ানা ছিনিয়ৰ গেমছৰ ১০০ মিটাৰৰ দৌৰত এইগৰাকী ১০৫ বছৰীয়া দৌৰবিদে অকণো ক্লান্ত নোহোৱাকৈ দৌৰি সকলোকে হতবাক কৰি দিছে।

মাত্ৰ ১ মিনিট ২ ছেকেণ্ডতে হকিন্সে দৌৰ সমাপ্ত কৰিবলৈ সক্ষম হৈছে। দৌৰৰ অন্তত হকিন্সে কয়—’মই ১ মিনিটতে দৌৰ শেষ কৰাৰ কথা ভাবিছিলো যদিও ২ ছেকেণ্ড সময় বেছি লাগিল’।

উল্লেখ্য এটা সময়ত আমেৰিকাৰ এখন বিদ্যালয়ত শিক্ষকতা কৰা ১০৫ বছৰীয়া জুলিয়া হাৰিকেন হকিন্সে তেওঁৰ ৮০ বছৰ বয়সত প্ৰথমে নেচনেল ছিনিয়ৰ গেমছত ভাগ লৈছিল।

সেই সময়ত তেওঁ চাইক্লিঙক প্ৰতিযোগিতাৰ বিষয় হিচাবে বাচি লৈছিল আৰু কেইবাটাও স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল।

পিছলৈ তেওঁ দৌৰত অংশগ্ৰহণ কৰিবলৈ ধৰে।

২০১৭ চনত ১০০ বছৰ বয়সত তেওঁ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল। ১০৫ বছৰ বয়সতো দৌৰি থকা জুলিয়া হাৰিকেন হকিন্সে কয়—’জীৱনটোক কেতিয়াও স্থৱিৰ কৰি ৰাখিব নালাগে। সদায় সক্ৰিয় হৈ থাকিলে মানুহ স্বাস্থ্যৱান আৰু সুখী হয়’।

সঁচাকৈয়ে ১০৫ বছৰীয়া দৌৰবিদ জুলিয়া হাৰিকেন হকিন্স হ’ব পাৰে বহুতৰে বাবে প্ৰেৰণাৰ উৎস।

Related News