NORTHEAST NOW (Assamese)
অসম

অসমত নতুনকৈ ক’ভিড মুক্ত ৪৬৮, মুঠ আৰোগ্য ১০৮৯৪

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2020 11:00 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

৪৬৮গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড মুক্ত হৈছে।

তেওঁলোক সকলোকে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

এইসকল ব্যক্তিক ধৰি অসমত মুঠ ক’ভিড আৰোগ্য ব্যক্তিৰ সংখ্যা ১০৮৯৪লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫১৩৮গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে মুঠ ১৬০৭১গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে ৩৬গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।