দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

অৱশেষত সোণম ৱাংচুকক চিকিৎসালয় সলনি কৰাৰ অনুমতি প্ৰদান কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও কোনো ধৰণৰ আপত্তি দৰ্শাই নাই। একেৰাহে ২৪ দিন ধৰি অনশন কৰি অসুস্থ হৈ পৰা সোনোমে এতিয়া নিজৰ পছন্দৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব। মঙলবাৰে ন্যায়ালয়ে জনাইছে যে মেদান্ত চিকিৎসালয়ত চিকিৎসকৰ এখন বিশেষ বোৰ্ড গঠন কৰি ৱাংচুকৰ চিকিৎসা কৰিব লাগিব।
ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে ন্যায়ালয়ত আবেদন কৰিছিল যে যন্তৰ মন্তৰত দীৰ্ঘদিনীয়া অনশনৰ ফলত তেওঁৰ স্বামীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। সেইবাবেই তেওঁলোকে ছফদৰজং চিকিৎসালয়ৰ সলনি মেদান্ত চিকিৎসালয়লৈ সোণমক স্থানান্তৰ কৰিব বিচাৰিছিল। ন্যায়ালয়ে কয় যে সোণমক মেদান্ত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হওক আৰু তাতেই তেওঁৰ চিকিৎসা হ’ব। লগতে ছফদৰজং চিকিৎসালয়ত ইমান দিনে যি চিকিৎসা চলিছিল, তাৰ সকলো নথিপত্ৰ, ৰিপ’ৰ্ট আৰু চিকিৎসাজনিত তথ্য মেদান্ত চিকিৎসালয়লৈ পঠিয়াব লাগিব। মেদান্ত চিকিৎসালয়ক ৱাংচুকৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ এখন পেনেল গঠন কৰাৰো নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।
কেন্দ্ৰৰ হৈ যুক্তি দৰ্শাই ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ক জনায় যে সোণমক মেদান্ত চিকিৎসালয়লৈ লৈ যোৱাত চৰকাৰৰ কোনো আপত্তি নাই। পিছে চিকিৎসকৰ পৰামৰ্শ আওকাণ কৰি তেওঁক যাতে চিকিৎসালয়ৰ পৰা এৰি দিয়া নহয়, সেই কথা নিশ্চিত কৰিব লাগিব। মেহতাৰ দাবী যে সোণমৰ ওচৰৰ একাংশ লোকে তেওঁক চিকিৎসালয়ৰ পৰা উলিয়াই নিবলৈ চেষ্টা কৰিছে। যদি সোণম আকৌ আন্দোলনস্থলীলৈ ঘূৰি যায়, তেন্তে তেওঁৰ স্বাস্থ্যৰ আৰু অধিক অৱনতি ঘটিব পাৰে বুলি কেন্দ্ৰই আশংকা প্ৰকাশ কৰিছে।
যোৱা দেওবাৰে ছফদৰজং চিকিৎসালয়ৰ পৰা সোণমক আন ঠাইলৈ স্থানান্তৰৰ আবেদন লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল গীতাঞ্জলি। সেই আবেদনৰ জৰুৰী শুনানি গ্ৰহণ কৰা হৈছিল। সোণমৰ পত্নীয়ে জনাইছিল যে চিকিৎসালয় কৰ্তৃপক্ষই তথ্য লুকুৱাই ৰাখিছে, সেয়েহে তেওঁলোকৰ ওপৰত তেওঁৰ আৰু ভৰসা নাই। অৱশ্যে সেই দিনা চিকিৎসালয়ৰ পৰা স্থানান্তৰৰ কোনো নিৰ্দেশ দিয়া নাছিল ন্যায়ালয়ে, নিৰ্দেশ দিলে মঙলবাৰে।
শিক্ষা খণ্ডৰ দুৰ্নীতি, প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যোৱা ২৮ জুনত দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত অনশন আৰম্ভ কৰিছিল সোনোমে। মঙলবাৰে এই অনশনৰ ২৪ সংখ্যক দিন। যোৱা শনিবাৰে প্ৰতিবাদস্থলীৰ পৰা সাধাৰণ পোছাকৰ আৰক্ষীয়ে সোণমক তুলি লৈ গৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল। কিন্তু চিকিৎসালয়তো তেওঁৰ অনশন ভংগ কৰিব পৰা নগ’ল। কেৱল নিমখপানী খাই আছে সোনোমে। অনশনৰ বাবে শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিলেও তেওঁৰ মানসিক বল এতিয়াও আগৰ দৰেই আছে বুলি পত্নী গীতাঞ্জলিয়ে জানিবলৈ দিছে। ইয়াৰ মাজতে সোমবাৰে এখন প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সংসদ চলো অভিযান সফল কৰিবলৈ আহ্বান জনায় সোণমে। এই আন্দোলনক তেওঁ ভাৰতৰ দ্বিতীয় স্বাধীনতা সংগ্ৰাম বুলি অভিহিত কৰিছে।