NORTHEAST NOW (Assamese)
অসম

বেটাৰিও যাব দুগুণ, ডেটাও খাব আধা! এইকেইটা কাম কৰক ফোনত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2020 4:44 pm
Make these changes for longer battery life and lesser data usage in your phone

স্মাৰ্টফোন এতিয়া সকলোৰে হাতে হাতে। কিন্তু সমস্যা হৈছে বেটাৰি সোনকালে শেষ হয়, ডেটাৰো নাটনি হয়।

চিন্তাৰ কাৰণ নাই। আমি আপোনালোকলৈ কেইটামান টিপছ আগবঢ়াইছো, যিকেইটা কাম কৰিলে আপোনাৰ ফোনৰ বেটাৰিও যাব দুগুণ, ডেটাও খাব আধা!

আচলতে স্মাৰ্টফোনবোৰত আমি ব্যৱহাৰ নকৰাকৈয়ে বা আমি গম নোপোৱাকৈয়ে বহুবিলাক এপ বেকগ্ৰাউণ্ডত চলি থাকে।

ফলত আপোনাৰ কামত নহাকৈয়ে ডেটা আৰু বেটাৰি দুয়োটাই খৰচ হৈ থাকে।

আপোনাৰ অলাগতিয়াল এপবোৰ আনইনষ্টল কৰি পেলাওক।

ফোনৰ ছেটিঙত গৈ বেটাৰি আৰু ডেটাৰ ব্যৱহাৰৰ অপচনবিলাক নিজৰ সুবিধা অনুসৰি বাচনি কৰি লওক।

আপুনি ফোনৰ ডিছপ্লে ৰিজলিউচন কমাই ৰাখিও বেটাৰিৰ খৰচ কম কৰিব পাৰে। কিন্তু ৰ’দৰ পোহৰত ৰিজলিউচন কম হ’লে দেখাত অসুবিধা পাব পাৰে।

তাৰোপৰি আজিকালিৰ স্মাৰ্টফোনসমূহত পাৱাৰ ছেভিং অপচন থাকে। সেই অপচন অন কৰি ৰাখিও আপুনি বেটাৰিৰ খৰচ কমাব পাৰে।