NORTHEAST NOW (Assamese)
Popular Stories

পাঁচ মিনিটৰ বাবে অক্সিজেন সৰবৰাহ বন্ধ হৈ যোৱাৰ বাবে মৃত্যু হ’ল ১১জনকৈ ক’ভিড ৰোগী, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2021 1:14 pm

পাঁচ মিনিট অক্সিজেনৰ অভাৱ ঘটাৰ বাবেই মৃত্যু হ’ল ১১জনকৈ ক’ভিড ৰোগীৰ।

সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিস্থিত শ্ৰীভেংকটেশ্বৰ ৰামনাৰায়ণ ৰুয়া চৰকাৰী চিকিৎসালয়ত সংঘটিত হয় এই শোকাৱহ ঘটনা।

জনা গৈছে, চিকিৎসালয়খনত অক্সিজেনৰ সৰবৰাহত সমস্যাই দেখা দিছিল।

যাৰ ফলত আইচিইউত থকা ৰোগীসকলে ৫ মিনিট সময় প্ৰয়োজনীয় অক্সিজেন লাভ কৰা নাছিল।

অক্সিজেন লাভ নকৰাৰ ফলত মৃত্যুমুখত পৰে ৰোগীসকল।

এই সংক্ৰান্তত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন ৰেড্ডীয়ে এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে যে অক্সজেনৰ সৰবৰাহ কিছু ক্ষণৰ বাবে কমি গৈছিল আৰু পাঁচ মিনিটৰ পাছতে পুনৰ সৰবৰাহৰ ব্যৱস্থা কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্য ১ লাখ ৯০ হাজাৰ আৰু দৈনিক মৃত্যুৰ সংখ্যা ১০০ৰ ওচৰা-ওচৰি।