NORTHEAST NOW (Assamese)
Popular Stories

অপ্ৰতিৰোধ্য বাবৰ আজম! অভিলেখৰ পাছত অভিলেখ গঢ়ি গৈছে পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰজনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2021 1:03 pm

এক অতুলনীয় অভিলেখৰ অধিকাৰী হ’ল পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজম।

অধিনায়ক হিচাপে দায়িত্ব লৈ প্ৰথম ৪খন টেষ্টতে বিজয়লাভ কৰে তেওঁৰ দলে।

পাকিস্তানৰ অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে তেওঁ এই কৃতিত্বৰ অধিকাৰী হৈছে।

শেহতীয়াকৈ বাবৰৰ নেতৃত্বত দক্ষিণ আফ্ৰিকা আৰু জিম্বাব’ৱেৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয় কৰিছে পাকিস্তানে।

বছৰটেৰ প্ৰথমভাগত দক্ষিণ আফ্ৰিকাক ঘৰুৱা মাটিত পাকিস্তানে টেষ্ট আৰু টি-২০, দুয়োটা শৃংখলাতে পৰাস্ত কৰাৰ পাছত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিও টি২০ আৰু এদিনীয়া শৃংখলা জয় কৰে বাবৰৰ দলে।

তাৰপাছত জিম্বাব’ৱেৰ মাটিতো ঘৰুৱা দলটোক টি২০ আৰু টেষ্ট শৃংখলাত পৰাস্ত কৰে।

আটাইকেইটা ফৰমেট মিলাই ক্ৰমাগতভাৱে ৬টাকৈ শৃংখলাত বিজয়ী হৈছে বাবৰৰ দল।

আগষ্ট আৰু ছেপ্টেম্বৰত পাকিস্তানে ৱেষ্ট ইণ্ডিজ আৰু বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে অধিনায়কৰ উপৰিও বাবৰ আজম পাকিস্তানৰ বেটিং স্তম্ভৰ মূল কাণ্ডাৰী।

বৰ্তমান তেওঁ আইচিচি এদিনীয়া ৰেংকিঙত শীৰ্ষ স্থান অৱস্থান কৰি আছে।