NORTHEAST NOW (Assamese)
Popular Stories

ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2025 7:48 pm
ভটীয়াপাৰত গেছ নিৰ্গমনৰ ১১ দিন উকলিলঃ সফল হোৱা নাই আমেৰিকান বিশেষজ্ঞ

১১ দিন উকলিল যদিও শিৱসাগৰৰ ভটীয়াপাৰত অ’ এন জি চিৰ ৰীগত গেছ নিৰ্গমন অব্যাহত আছে । ইতিমধ্যে আমেৰিকাৰ ৩ জনীয়া কাৰিকৰী বিশেষজ্ঞৰ দলে ভটীয়াপাৰৰ ৰীগ বিস্ফোৰণস্থলীৰ গেছ নিগৰ্মন বন্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে যদিও এতিয়াও সফল হোৱা নাই।

বিশেষজ্ঞ দলটোৱে গেছ নিৰ্গমন বন্ধ কৰিবলৈ যোৱা দুটা দিনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মাৰ্কিন বিশেষজ্ঞ দলটোৱে গেছ নিয়ন্ত্ৰণ কৰিবলৈ কেপিং পদ্ধতি প্ৰয়োগ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু এতিয়ালৈ বিশেষজ্ঞ দলটো সফল নোহোৱাত স্থানীয় ৰাইজৰ মাজত শংকা বৃদ্ধি পাইছে ।

যোৱা ১১ দিনে এচ কে পেট্ৰ‘ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাই ভুক্তভোগী লোকৰ কোনো খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । ইফালে শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদমুখৰ হৈ উঠিছে সমগ্ৰ অঞ্চলটো ।