NORTHEAST NOW (Assamese)
দেশ

পেন ড্ৰাইভত পাকিস্তানলৈ সৰবৰাহ গোপন তথ্য : পাঞ্জাৱত গ্ৰেপ্তাৰ দুই পাক চোৰাংচোৱা

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 22, 2025 7:40 pm

পাকিস্তানৰ হৈ ভাৰতত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দুই ব্যক্তি। পঞ্জাৱৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

দেওবাৰে অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা দুজনৰ নাম গুৰপ্ৰীত চাং ওৰফে গোপী ফজী আৰু সাহিল মাছিহ ওৰফে ছানী।

গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে এই দুই অভিযুক্তই পেন ড্ৰাইভৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইলৈ দেশখনৰ কেইবাটাও গোপন তথ্য সৰবৰাহ কৰিছিল।

এই অভিযুক্ত দুজনৰ সৈতে আই এছ আইৰ বিষয়াসকল প্ৰত্যক্ষ সংস্পৰ্শত আছিল। ইফালে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ উপৰিও অভিযুক্তই নিজৰ পাকিস্তানী হেণ্ডলাৰৰ সৈতে যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰা মোবাইল ফোন দুটাও জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।মন কৰিবলগীয়া যে অপাৰেচন সিন্দুৰৰ পিছত চৰকাৰে ভাৰতত বসবাস কৰা পাকিস্তানী চোৰাংচোৱাক চিনাক্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছিল। কেইবাটাও গোপন তথ্য পাকিস্তানলৈ সৰবৰাহৰ অভিযোগ পোহৰলৈ আহিছে। ইয়াৰ পিছতে গ্ৰেপ্তাৰ হৈছিল সুন্দৰী ইউটিউবাৰ জ্যোতি মালহোত্ৰা। তেওঁক সোধা-পোছা কৰাৰ পিছত তদন্তকাৰী বিষয়াসকলে আন কেইবাজনো লোকক চিনাক্ত কৰে। কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকক সোধা-পোছা কৰাৰ পিছত পোহৰলৈ আহে কেইবাটাও তথ্য। ইয়াৰ মাজতে পঞ্জাৱৰ পৰা দুজন পাকিস্তানী এজেণ্টক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।