NORTHEAST NOW (Assamese)

মৰ্মান্তিক! খনিত কৰ্মৰত অৱস্থাতে শ্ৰমিকসহ ৬৫০ ফুট তললৈ খহি পৰিল লিফ্ট; মৃত্যু ১১ শ্ৰমিকৰ, ৭৫ জন আহত

November 28, 2023 4:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 28, 2023 5:12 pm

দক্ষিণ আফ্ৰিকাৰ এক প্লেটিনাম খনিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। খনিত কৰ্মৰত বহুকেইগৰাকী শ্ৰমিকক কঢ়িয়াই নিয়াৰ সময়ত ব্যৱহৃত লিফ্ট হঠাতে প্ৰায় ২০০ মিটাৰ তললৈ খহি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে ১১ জন শ্ৰমিকে।

এই ভয়ংকৰ দুৰ্ঘটনাত লগতে ৭৫ জন শ্ৰমিক আহত হয় বুলি খনি কৰ্তৃপক্ষই সদৰী কৰিছে। সোমবাৰে সন্ধিয়া ৰাষ্টেনবাৰ্গৰ এটা খনিত সংঘটিত হয় এই শোকাৱহ ঘটনা।

নিৰ্ধাৰিত শ্বিফটৰ শেষত শ্ৰমিকসকল অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। আহত শ্ৰমিকসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি সদৰী কৰে কৰ্তৃপক্ষই।

ইম্পালা প্লেটিনাম হোল্ডিংছ (ইমপ্লেটছ)নামৰ খনন কোম্পানীটোৰ কৰ্তৃপক্ষই দুৰ্ঘটনাৰ পিছতে এক বিবৃতি যোগে এই ঘটনাক ইমপ্লেটছৰ ইতিহাসৰ আটাইতকৈ ক’লা দিন বুলি অভিহিত কৰে।

লিফটটো কি কাৰণত এইদৰে তললৈ খহি পৰে সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু মঙলবাৰে খনিটোৰ সকলো কাম বন্ধ কৰি দিয়া হৈছে বুলি বিবৃতিটোত লগতে উল্লেখ কৰে কোম্পানীটোৱে।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা হৈছে বিশ্বৰ সৰ্বাধিক প্লেটিনাম উৎপাদনকাৰী দেশ। বিগত বৰ্ষত দেশখনৰ প্লেটিনাম খনিত সংঘটিত হোৱা দুৰ্ঘটনাত ৪৯ জন শ্ৰমিকৰ মৃত্যু হৈছিল। একেদৰে ২০২১ বৰ্ষত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা আছিল ৭৪ জন।

Related News