NORTHEAST NOW (Assamese)

চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ স্মৃতি উদ্যান উদ্বোধন

January 31, 2021 1:58 pm · কাজী জেইদুল ইছলাম

চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ স্মৃতি উদ্যান খন আজি বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰাকুৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে।

এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিধায়ক গৰাকীয়ে বিশ্বনাথ বাসীৰ এটা দীৰ্ঘদিনীয়া আশা পুৰণৰ লগতে যিসকলৰ মৃত্যু হৈছিল সেইসকলৰ স্মৃতি সজীৱ হৈ ৰব বুলি উল্লেখ কৰে ।

বিদ্যালয়ৰ বিষয় শিক্ষক ৰুণু ফুকনে আঁত ধৰা আৰু শিক্ষক যামিনী বাঢ়ৈয়ে উদ্দেশ্য বাখ্যা কৰা সভাত বিশ্বনাথ জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰনাথ হাজৰিকা, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা স্বপনা বৰা দাস, অৱসৰপ্ৰাপ্ত অভিযন্তা কোষেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক হেৰেম্ব শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে বিশ্বনাথ সমষ্টিৰ বিধায়ক পুজিৰে নৱ নিৰ্মিত তথা ১৯৬৩ চনৰ ৩১ জানুৱাৰীত বিদ্যালয়ৰ সৰস্বতী পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত কৰুণ সলিল সমাধি ঘটা ১১ জনকৈ শিক্ষক আৰু ছাত্ৰ সকলৰ পবিত্ৰ স্মৃতিত এই একাদশ স্মৃতি উদ্যান নিমাৰ্ণ কৰা হয় ।

সভাত বহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা ক্ৰমে হলধৰ হাজৰিকা, বিশ্বনাথ সাহা, তৰুণ বৰা,হৰেণ গোস্বামী, যতীন মেধি, কেশ্বৰ ফুকন, খৰ্গেশ্বৰ সুত,কোষেশ্বৰ কলিতা, চন্দ্ৰেশ্বৰ শৰ্মা, লক্ষেশ্বৰ শৰ্মা বৰুৱা, ভৱেন শৰ্মা ।

এই অনুষ্ঠানত প্ৰয়াত আটাই কেইগৰাকী ছাত্ৰ শিক্ষকৰ পৰিয়াল বৰ্গ‌ও উপস্থিত থাকে ।

Related News