NORTHEAST NOW (Assamese)
দেশ

ছাবমেৰিনত খুন্দিয়াই ডুব গ’ল মাছমৰীয়াৰ নাও : ১১ জনক উদ্ধাৰ, ২ জন সন্ধানহীন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 22, 2024 9:00 pm

গোৱাৰ উপকূলত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নৌসেনাৰ চাবমেৰিনত খুন্দিয়াই সাগৰত ডুব গ’ল মাছমৰীয়াৰ নাও।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত ১৩জন মাছমৰীয়া আছিল। ইয়াৰে ১১ জনক উদ্ধাৰ কৰা হয় যদিও ২ জন এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক উদ্ধাৰ অভিযান।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি যোৱা বৃহস্পতিবাৰে গোৱা উপকূলৰ পৰা প্ৰায় ৭০ নটিকেল মাইল দূৰত্বত মাৰ্থোমা নামৰ নাও এখনে মাছ ধৰি ছিল। তাৰ পিছতে নাওখনে সেনাৰ ছাবমেৰিনত খুন্দা মাৰে।

প্ৰচণ্ড আঘাতৰ ফলত মাছমৰীয়াৰ নাওখন ভাঙি যায়। লগে লগে নৌসেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। শীঘ্ৰে উদ্ধাৰ কৰা হয় ১১ জন লোকক।

অৱশ্যে প্ৰাথমিক অভিযানৰ অন্তত ২ জন মাছমৰীয়াৰ কোনো সন্ধান পোৱা নগ’ল।

এনে পৰিস্থিতিত সেই দুজনক বিচাৰি উলিয়াবলৈ পুনৰ অনুসন্ধান আৰম্ভ হৈছে।

মুম্বাইৰ মেৰিটাইম ৰেচকিউ ক’অৰ্ডিনেটৰ চেণ্টাৰ (এম আৰ চি চি)য়ে নৌসেনাৰ সৈতে এই অনুসন্ধানত যোগদান কৰিছে।

এই ঘটনা সন্দৰ্ভত নৌসেনাৰ এগৰাকী মুখপাত্ৰই কয় যে নিৰুদ্দেশ হোৱা মাছমৰীয়া দুজনক উদ্ধাৰৰ সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। এই তালাচী অভিযানত ক’ষ্ট গাৰ্ডেও সহায় কৰিছে।

উদ্ধাৰ অভিযানত নৌসেনাৰ ছখন জাহাজ আৰু হেলিকপ্টাৰ নিয়োগ কৰা হৈছে। দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ’ল তাৰো তদন্ত চলি আছে।