NORTHEAST NOW (Assamese)

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় বায়ুসেনাৰ শক্তি বৃদ্ধিৰ বাবে সাজু হৈছে প্ৰতিৰক্ষা চুক্তি। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১১৪খন ‘মেড ইন ইণ্ডিয়া ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰস্তাৱ লাভ কৰিছে।

ভাৰতৰ কেইবাটাও এৰোস্পেচ কোম্পানীয়ে ফ্ৰান্সৰ কোম্পানী ডাছল্ট এভিয়েশ্যনৰ সৈতে যৌথভাৱে এই যুদ্ধ বিমান নিৰ্মাণ কৰিব। মুঠ খৰচ ২ লাখ কোটিতকৈ অধিক হব বুলি অনুমান কৰা হৈছে, ইয়াৰে ৬০ শতাংশ ঘৰুৱা প্ৰযুক্তি আৰু কম্পোনেণ্ট হব।

সূত্ৰ অনুসৰি বায়ুসেনাই দাখিল কৰা প্ৰস্তাৱটো এতিয়া প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিভিন্ন বিভাগে পৰীক্ষা কৰি আছে। বিষয়টো অতি সোনকালে প্ৰতিৰক্ষা ক্ৰয় বৰ্ড আৰু পিছত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদলৈ যাব। অনুমোদন পোৱাৰ পিছত ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা প্ৰকল্পই (মেড ইন ইণ্ডিয়া) ইতিহাস ৰচনা কৰিবলৈ আৰম্ভ কৰিব।

এই ১১৪খন ৰাফেলৰ সংযোজনৰ লগে লগে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত ৰাফেলৰ সংখ্যা ১৭৬ হব। ইয়াৰ পূৰ্বে বায়ুসেনাত ৩৬খন ৰাফেল সংযোজন কৰা হৈছিল, আৰু নৌসেনাইও আৰু ৩৬খন ৰাফেল ক্ৰয় কৰিছিল।

জ্ঞাত সূত্ৰৰ মতে শেহতীয়াকৈ পাকিস্তান সীমান্তত অপাৰেচন সিন্দুৰত ৰাফেলৰ সফলতাই এই সিদ্ধান্ত ত্বৰান্বিত কৰিছে।

নতুন ৰাফেলত থাকিব দীৰ্ঘ দূৰত্বৰ বায়ুৰ পৰা মাটিলৈ ক্ষেপণাস্ত্ৰ, যিবোৰ বৰ্তমানৰ স্কেলপ ক্ষেপণাস্ত্ৰতকৈ অধিক উন্নত। ফ্ৰান্সৰ এটা কোম্পানীয়ে ভাৰতত নিৰ্মাণ কৰিব আধুনিক ইঞ্জিন মেৰামতি আৰু ৰক্ষণাবেক্ষণ কেন্দ্ৰ। ইতিমধ্যে হায়দৰাবাদত এম-৮৮ ইঞ্জিনৰ বাবে এম আৰ অ ইউনিট স্থাপনৰ পৰিকল্পনা আৰম্ভ হৈছে। টাটাকে ধৰি কেইবাটাও ভাৰতীয় কোম্পানীয়ে এই প্ৰকল্পত অংশগ্ৰহণ কৰিব।

Related News