NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত একেদিনাই চিনাক্ত ১১৭ ক’ভিড আক্ৰান্ত, পাঁচ চিকিৎসকো পজিটিভ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 26, 2020 8:07 pm
Covid19: 1351 persons discharged in Assam on Sunday

১১৭গৰাকী ব্যক্তি শিৱসাগৰত বুধবাৰে ক’ভিড ১৯ পজিটিভ চিনাক্ত হৈছে।

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা এই তথ্য লাভ কৰা হৈছে।

এইসকল ব্যক্তিৰ ভিতৰত বহুকেইজন শিক্ষক-শিক্ষয়িত্ৰী বুলি জানিবলৈ পৰা গৈছে।

২২ আগষ্টত ১০০০গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ শ্বাব সংগ্ৰহ কৰা হৈছিল।

আজি কভিড১৯ পজিটিভ ধৰা পৰা ১১৭গৰাকীৰ লোকৰ ভিতৰত কিমানগৰাকী শিক্ষক-শিক্ষয়িত্ৰী সেই তথ্য এতিয়ালৈকে লাভ কৰা নাই স্বাস্থ্য বিভাগে।

আনহাতে ২৫ আগষ্টত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত পাঁচগৰাকী চিকিৎসকো কভিড১৯ পজিটিভ চিনাক্ত হৈছে।

কভিড আক্ৰান্ত চিকিৎসক কেইজন হ’ল ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা, ডাঃ মৃন্ময় বৰুৱা, ডাঃ কস্তুৰী দাস, ডাঃ নিৰ্মলা চৌধুৰী আৰু ডাঃ বাস্তৱ বৰগোঁহাই।

এইসকল কৰ’না যোদ্ধা চিকিৎসকৰ উপৰিও চিকিৎসালয়খনত কৰ্মৰত বহুকেইগৰাকী নাৰ্চ, ৱাৰ্ড বয়ো কভিড১৯ পকিজিভ চিনাক্ত হৈছে।

শিৱসাগৰত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৪৯৭ (।)