NORTHEAST NOW (Assamese)
Popular Stories

১১৮ বছৰীয়া বৃদ্ধাই ল’লে ক’ভিড ভেকচিন, ক’লে- ”কুচ্চু ডিক্কট নাইনোৱা”! ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2021 8:22 pm

মধ্যপ্ৰদেশত শনিবাৰে এগৰাকী ১১৮ বৰ্ষীয়া বৃদ্ধাক ক’ভিড ভেকচিন প্ৰদান কৰা হয়।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে দেওবাৰে এই কথা জনাইছে।

বৃদ্ধাগৰাকীৰ আধাৰ কাৰ্ডত উল্লেখিত বয়সৰ ভিত্তিত তেওঁক বিশ্বৰ ভিতৰতে আটাইতকৈ বয়সীয়াল ক’ভিড ভেকচিন গ্ৰহণ কৰা ব্যক্তি হিচাপে পৰিগণিত হৈছে।

তুলসীবাই নামৰ বৃদ্ধাগৰাকীয়ে ভেকচিন গ্ৰহণ কৰাৰ পাছত তেওঁৰ শৰীৰত কোনোধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া দেখা পোৱা নাই বুলি বিভাগীয় কৰ্তৃপক্ষই জনাইছে।

ৰাজ্যখনৰ সাগৰ জিলাৰ খিমলাচা অঞ্চলৰ ভেকচিন প্ৰদান কেন্দ্ৰত তেওঁক ভেকচিন প্ৰদান কৰা হয়।

ভেকচিন গ্ৰহণ কৰাৰ পাছতে বৃদ্ধাগৰাকীয়ে আনন্দ প্ৰকাশ কৰি কয় যে ভেকচিন গ্ৰহণ কৰি তেওঁৰ কোনো সমস্যা হোৱা নাই।

তেওঁৰ বুণ্ডেলখেন্দী উপভাষাত কয়- ”হামনে লাগৱাও টীকা চ’ আচ্ছে হজেন। চ’ তুম ভি লাগৱাঅ’ চ’ আচ্ছে হ’ জা হ’। কুচ্চু ডিক্কট নাইনোৱা।”

অৰ্থাৎ মই ভেকচিন ল’লো, সেয়ে মোৰ ভাল লাগিছে। তুমিও এয়া ল’ব লাগে যাতে তোমাৰো ভাল লাগক। কোনো সমস্যা নাই।”

তেওঁৰ আধাৰকাৰ্ডত উল্লেখ থকামতে বৃদ্ধাগৰাকীৰ জন্ম ১৯০৩ চনৰ ১ জানুৱাৰীত।

বৰ্তমান তেওঁ সাগৰ জিলাৰ সদৰপুৰ অঞ্চলৰ বাসিন্দা।