NORTHEAST NOW (Assamese)
Popular Stories

“তেওঁৰ ভৰিখন ভগা, তথাপিও তেওঁ যুঁজি আছে” : মমতা বেনাৰ্জীক প্ৰশংসা জয়া বচ্ছনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2021 8:41 pm
“তেওঁৰ ভৰিখন ভগা, তথাপিও তেওঁ যুঁজি আছে” : মমতা বেনাৰ্জীক প্ৰশংসা জয়া বচ্ছনৰ

সমাজবাদী পাৰ্টিৰ সাংসদ তথা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী জয়া বচ্ছনে সোমবাৰে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে।

সাংসদগৰাকীয়ে কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ বাবে যুঁজি আছে।

”মমতাই অকলেই উৎপীড়ণৰ বিৰুদ্ধে আৰু বংগৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ হকে যুঁজি আছে।” সাংসদগৰাকীয়ে কয়- ”তেওঁৰ ভৰিখন ভগা, কিন্তু তথাপিও তেওঁ যুঁজ দি আছে।”

তদুপৰি তেওঁ কয় যে বেংগলীসকলক কোনেও ভয়-ভীতি প্ৰদৰ্শন কৰি সফল হ’ব নোৱাৰে।

সাংসদ বচ্ছনে মমতা বেনাৰ্জীক যিসকলে সমালোচনা কৰি আছে, তেওঁলোকক লজ্জাজনক বুলিও আখ্যা দিয়ে।

তদুপৰি ৰাজ্যখনক মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত ৰাজ্য হিচাপেও তেওঁ অভিহিত কৰে।

সোমবাৰে তেওঁ টলীগঞ্জৰ তৃণমূল প্ৰাৰ্থী অৰূপ বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়।

নিৰ্বাচনী প্ৰচাৰৰ বাবে সাংসদ বচ্ছনে ৫ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈকে পশ্চিমবংগত থাকিব।