NORTHEAST NOW (Assamese)

সদৌ অসম ক্ষুদ্ৰ চাহ সন্থাৰ যোৰহাট জিলা সমিটিৰ একাদশ ত্ৰি-বাৰ্ষিক অধিৱেশন

January 22, 2022 8:40 pm · নিৰ্মলেন্দু পাঠক, টীয়ক

আজিৰে পৰা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিটিৰ একাদশ ত্ৰি বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ বাইপাচ সৰলা নগৰৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছেl

অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত জিলা খনৰ বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থাকে।

ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যা ,চাহৰ গুণগত মানদণ্ড কেনেদৰে উন্নত কৰিব পাৰি, বিদেশৰ চাহৰ লগত কেনেদৰে ফেৰমাৰিব পাৰি এই বিষয়ে বিশদ ভাৱে আলোচনা কৰা হয়।

টোকোলাই চাহ গৱেষনা কেন্দ্ৰৰ বৈজ্ঞানিক তথা বিশিষ্ট লেখক প্ৰদীপ বৰুৱাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলক উদেশ্যি ভাষণ আগবঢ়ায়।

অনুষ্ঠানত বিশিষ্ট চাহ খেতিয়ক তথা তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা উপস্থিত থাকেl

তেখেতৰ লগতে লিখক তথা বিশিষ্ট চাহ বিজ্ঞানী ডঃ প্ৰদীপ বৰুৱা,অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কোষৰ ডঃ গৌতম শইকীয়াও অনুষ্ঠানত উপস্থিত থাকে।

তদুপৰি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৰাজেন বৰা,দুৰ্লভ বৰা আৰু সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈ আদি গণ্য-মান্য ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহন কৰে।

Related News