NORTHEAST NOW (Assamese)

সীমান্ত অতিক্ৰমী ১২ গৰাকী বাংলাদেশৰ নাগৰিকৰ ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা

July 13, 2020 6:08 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সোমবাৰে ত্ৰিপুৰাত থকা ভাৰত-বাংলাদেশ সীমান্তৰে ১২ গৰাকী বাংলাদেশী নাগৰিক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰা যদিও সীমান্ত সুৰক্ষা বাহিনীৰ চোকা পহৰাৰ বাবে ব্যৰ্থ হয়।

ত্ৰিপুৰাৰ চিপাহী জিলাৰ মধুপুৰ সীমান্তৰে বাংলাদেশী নাগৰিক কেইগৰাকীয়ে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল।

স্থানীয় লোকে জনোৱা মতে, বাংলাদেশী নাগৰিক কেইগৰাকীয়ে বাংলাদেশৰ কাইটীয়া তাৰ পাৰ হৈ ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল যদিও বি এছ এফৰ পহৰাৰ কাৰণে ভাৰতৰ কাইটীয়া তাৰ অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল।

মধুপুৰ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি বাংলাদেশী নাগৰিক কেইগৰাকীয়ে ভাৰতৰ ভূখণ্ডৰ ভিতৰত অস্থায়ীভাৱে নিজৰ ঘৰো নিৰ্মাণ কৰিছে আৰু মাজে সময়ে আহি থাকে।

আনহাতে, এই সন্দৰ্ভত বি এছ এফৰ তৰফৰ পৰা কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা হোৱা নায়।

ত্ৰিপুৰাত বাংলাদেশৰ নাগৰিকে অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা এটা দীৰ্ঘদিনীয়া সমস্যা।

ক’ৰ’নাৰ সংক্ৰমণে বাংলাদেশকো বেয়াকৈ জুৰুলা কৰাৰ সময়ত চৰকাৰে বি এছ এফক সীমান্তত তীক্ষ্ন নজৰ ৰখাৰ বাবে নিৰ্দেশ দিছে।

Related News