NORTHEAST NOW (Assamese)

১২ গৰাকী বি এছ এফ জোৱান ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত

May 3, 2020 11:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বাৰ গৰাকীকৈ বি এছ এফ জোৱান ত্ৰিপুৰাত দেওবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই কথা সদৰী কৰিছে।

আটাইকেইজন জোৱানেই ধালাই জিলাৰ জহৰ নগৰস্থিত বি এছ এফ ১৩৮ ইউনিটৰ।

মুখ্য মন্ত্ৰী দেবে সদৰী কৰা মতে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰোগীসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।

তেওঁ কয় যে বিশেষজ্ঞ চিকিৎসকে তেওঁলোকৰ চিকিৎসা চলাই আছে।

জানিব পৰা মতে, শনিবাৰে জিলাখনত দুগৰাকী বি এছ এফ জোৱানক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

ইয়াৰ পিছতে স্বাস্থ্য বিভাগে বাকী বি এছ এফ জোৱানসকলৰো নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা পিছতে এই ফলাফল পোৱা গৈছে।

ইয়াৰ ফলত ৰাজ্যখনত সক্ৰিয় ক’ভিড-১৯ ৰোগী ১৪ গৰাকীলৈ বৃদ্ধি পালে।

ৰাজ্যখনত পূৰ্বে দুগৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছিল আৰু তেওঁলোকক যাবলৈ দিয়া হৈছে।

Related News