NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ দক্ষিণ কেৰ’লিনাৰ শ্ব’পিং মলত গুলীচালনা; ১২ জন লোক আহত,৩ জন আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2022 9:38 am

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰ’লিনাৰ এটা শ্বপিং মলত সংঘটিত গুলীচালনাৰ ঘটনাত ১২ জন লোক আহত হয়। আৰক্ষীয়ে জানিবলৈ দিয়ে যে শনিবাৰে আবেলি কলম্বিয়াৰ কলম্বিয়ানা চেণ্টাৰ মলত হোৱা গুলীচালনাৰ ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক কৰা হৈছে।

বাতৰি অনুসৰি আৰক্ষী প্ৰধান স্কিপ হলব্ৰুকে সংবাদ মাধ্যমৰ আগত কয় যে আহতসকলৰ ভিতৰত ১০ জন লোক গুলীচালনাৰ ফলত আঘাতপ্ৰাপ্ত হয়, আনহাতে আন দুজন লোক পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত ভিৰৰ মাজত পদদলিত হৈ আহত হয়।

লগতে পঢ়ক: পাকিস্তানত পৰিৱৰ্তনৰ লহৰ! প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ হামজা শ্বাহবাজ হ’ল পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী

এতিয়ালৈ কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই যদিও ভুক্তভোগীসকলৰ আঠজনক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক আছিল আৰু ছয়জনৰ অৱস্থা সুস্থিৰ আছিল বুলি হলব্ৰুকে জনায়।

ঘটনাৰ বলি লোকসকলৰ বয়স ১৫ ৰ পৰা ৭৩ বছৰৰ ভিতৰত আছিল বুলি তেওঁ কয়।

এগৰাকী প্ৰত্যক্ষদৰ্শী ডেনিয়েল জনছনে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালে আলাবামাৰ পৰা ভ্ৰমণ কৰি আহিছিল আৰু তাত খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে তেওঁলোকে গুলীৰ শব্দ শুনে আৰু মানুহবোৰক দৌৰিবলৈ আৰম্ভ কৰা দেখা পায়।

লগতে পঢ়ক:  তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই?

জনছনে লগতে কয় যে মানুহবোৰে তেওঁলোকৰ সন্তান আৰু পত্নীৰ বাবে চিঞৰিছিল আৰু দৌৰি পলোৱাৰ সময়ত খোৱা মেজৰ ওপৰত আহি খুন্দা মাৰিছিল।

জনছনে কয় যে তেওঁ তেওঁৰ পত্নী, কন্যা আৰু পুত্ৰক সাৱটি ধৰিছিল আৰু ভিৰটো অলপ কমাৰ পিছতে প্ৰস্থানৰ গেটলৈ দৌৰি গৈছিল।