NORTHEAST NOW (Assamese)
দেশ

উত্তৰাখণ্ডত শোকাৱহ দুৰ্ঘটনা: পথৰ পৰা পাহাৰৰ তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাহন, ১২ গৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2022 3:01 pm
Vehicle Falls Into Gorge In Uttarakhand

পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ চামোলী জিলাত শুকুৰবাৰে সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা। যাত্ৰীবাহী এখন বাহন পাহাৰীয়া এটা পথৰ পৰা তললৈ বাগৰি পৰাৰ ফলত দুগৰাকী মহিলাসহ ১২ গৰাকী লোকে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে।

এই শোকাৱহ ঘটনাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা এছডিআৰএফে জানিবলৈ দিয়া মতে, জিলাখনৰ যোছিমাথ অঞ্চলৰ উৰ্গামত চালকসহ ১৭ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন টাটা ছুমো খাৱৈত বাগৰি পৰে।

চামোলী জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, বাহনখন যোশিমাঠৰ পৰা পল্লা জাখোল গাঁও অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। বাহনখন তললৈ বাগৰি পৰাৰ উপক্ৰম হওঁতেই দুগৰাকী যাত্ৰীয়ে গাড়ীৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাত নিহত ১২ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে এছডিআৰএফে। আনহাতে আন তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাহনখন বাগৰি পৰা খাৱৈটো প্ৰায় ৩০০ মিটাৰ দ আছিল। অভাৰলোডৰ বাবে বাহনখনৰ ওপৰতো একাংশ লোক বহি গৈছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰি প্ৰতিগৰাকী নিহত লোকৰ পৰিয়ালক ২ লাখ টকাকৈ সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰে।

আনহাতে আহতসকলক বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।