NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ১২ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৪০লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2020 8:46 pm
12 more Covid19 patients die in Assam on Saturday

আৰু ১২গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৪০লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫২৮গৰাকী ক’ভিড ৰোগীয়ে বৃহস্পতিবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,২১,৬১০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ বৃহস্পতিবাৰলৈকে অসমত চিকিৎসালয় এৰিছে।

অসমত বৃহস্পতিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৮,২০৮ (।)

মুঠ ১,৫০,৩৪৯গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।