NORTHEAST NOW (Assamese)

মুম্বাইৰ এখন থানাৰ ১২ গৰাকী আৰক্ষী কৰ্মী ক’ৰ’না ভাইৰাছত আক্ৰান্ত

May 5, 2020 12:58 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। মুম্বাইৰ জেজে মাৰ্গ থানাৰ ছয়গৰাকী উপ-পৰিদৰ্শকসহ ১২ গৰাকী আৰক্ষী কৰ্মীৰ দেহত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

স্বাস্থ্য বিভাগৰ এজন বিষয়াই জানিবলৈ দি কয় যে ক’ভিদ-১৯ আক্ৰান্ত এই ১২ গৰাকী আৰক্ষী কৰ্মীৰ ভিতৰত আঠগৰাকীৰে দেহত বেমাৰৰ কোনো লক্ষণ দেখা দিয়া নাছিল।

তেওঁ লগতে জানিবলৈ দি কয় যে এই আৰক্ষী লোক কেইগৰাকীৰ সংস্পৰ্শলৈ অহা ৪০ গৰাকী লোকক আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষী বিষয়া অবিনাশ ধৰ্মাধিকাৰীয়ে কয়, ‍‘এই আৰক্ষী কৰ্মী কেইগৰাকী আক্ৰান্ত হোৱা বুলি সোমবাৰে জানিব পৰা যায়। ১২ গৰাকীৰ ভিতৰত ৬ গৰাকীয়ে উপ-পৰিদৰ্শক’।

মহামাৰী ক’ভিদ-১৯ত আক্ৰান্ত এই ১২ গৰাকী আৰক্ষী কৰ্মীক ইতিমধ্যে চিকিৎসালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দেওবাৰে ৰাজ্যখনৰ পায়ধুনী আৰক্ষী থানাৰ ছয়গৰাকী, নাগপাড়া আৰু মাহিম আৰক্ষী থানাৰ দুজনকৈ সুৰক্ষা কৰ্মী ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ইতিমধ্যে মহাৰাষ্ট্ৰৰ চাৰিগৰাকী আৰক্ষী কৰ্মী ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

Related News