NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত বিস্ফোৰণত গুৰুতৰভাৱে আহত ১২ বছৰীয়া শিশু

Posted by: এন ই নাও নিউজ November 13, 2018 8:58 pm

আজি অৰ্থাৎ মঙলবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ মণিপুৰীবস্তিত এখন পুতলা গাড়ী বিস্ফোৰণ হোৱাত এটি ১২ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হয়।

আৰক্ষী বিষয়াই জনোৱা মতে দিবানিশি সিং নামৰ শিশুটিয়ে ঘৰত পুতলা গাড়ীখন লৈ খেলি থকাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয়।

জানিব পৰা মতে শিশুটিৰ মাতৃ থ’কচম বেমবেম দেবি (৩৮)ও এই বিস্ফোৰণটোত কম পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

আনহাতে শিশুটিক সংকটজনক অৱস্থাত সমীপৰে আৰ্য হস্পিতেলত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়খনৰ সূত্ৰৰ পৰা জানিব পৰা মতে শিশুটিক অতি সংকটজনক অৱস্থাত ভেণ্টিলেটৰত ৰখা হৈছে।

চিকিৎসালয়খনৰ চিকিৎসক অভিজিৎ নেওগে জনোৱা মতে শিশুটিয়ে মুখত আৰু বাওঁহাতত গুৰুতৰভাৱে আঘাত পায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটি নিকলচ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰিছে। পুতলা গাড়ীখন বিস্ফোৰণৰ ঘটনাস্থলীত নিৰীক্ষণ কৰাৰ বাবে এটা ফৰেনচিক দলক মতা হৈছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।