NORTHEAST NOW (Assamese)
Popular Stories

কেলিফ’ৰ্ণিয়াত বনজুই : ২ লাখ লোকক স্থানান্তৰ, ১২ হাজাৰ অগ্নিনিৰ্বাপক বাহিনী নিয়োজিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 8:12 pm
California-wildfire1

ব্ৰাজিল অষ্ট্ৰেলিআৰ পাছত এইবাৰ আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত বিধ্বংসী বনজুই।

শুকুৰবাৰ পৰা আৰম্ভ হোৱা এই বনজুইয়ে কেলিফ’ৰ্ণিয়াৰ প্ৰায় ৯৯১ বৰ্গ মাইল(২,৫৬৬ বৰ্গ কিলোমিটাৰ) অঞ্চল আগুৰি ধৰাৰ লগতে পাঁচ শতাধিক ঘৰ জাহ গৈছে এই বনজুইত।

৬ জন লোক বনজুইৰ ফলত প্ৰাণ গৈছে। আৰু ২ লাখৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ইতিমধ্যে ৫৬০ ৰো অধিক বন্য জীৱ-জন্তু এই বনজুইত জাহ গৈছে। বন্য প্ৰাণীৰ উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে স্থানীয় প্ৰশাসনে।

বনজুই নিৰ্বাপন কৰিবলৈ ১২ হাজাৰ অগ্নিনিৰ্পাক বাহিনীৰ লোক, হেলিকপ্টাৰ আৰু এয়াৰক্ৰাফ্ট নিয়োজিত কৰা হৈছে যদিও জুই নিয়ন্ত্ৰণলৈ অহা নাই। বৰং নতুন নতুন ঠাইলৈ বিয়পি গৈছে বনজুই।

অতি কম সময়ৰ ভিতৰতে বিয়পি পৰা বনজুইক ইতিহাসৰ আটাইতকৈ ভয়ানক বনজুই বুলি অভিহিত কৰিছে মাৰ্কিন প্ৰশাসনে।

ইফালে কেলিফ’ৰ্ণিয়াৰ গভৰ্ণৰ গেভিন নিউছমে বনজুই নিয়ন্ত্ৰণৰ বাবে অষ্ট্ৰেলিয়া আৰু কানাডাক সহায়ৰ বাবে আবেদন জনাইছে।