NORTHEAST NOW (Assamese)
অসম

বোকাখাত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ কাঠৰ গৰাকী ৱাজিৰ আহমেদক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 14, 2020 6:50 pm
বোকাখাত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ কাঠৰ গৰাকী ৱাজিৰ আহমেদক গ্ৰেপ্তাৰ

বোকাখাতৰ লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিগত ১২ আগষ্টৰ নিশা বোকাখাত আৰক্ষীয়ে জব্দ কৰা কাঠ ভৰ্তি ট্ৰাক খনৰ চালক হেণ্ডিমেনৰ পাচত কাঠখিনিৰ গৰাকী ৱাজিৰ আহমেদ নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ৱাজিৰ আহমেদ নামৰ এই লোকজন দীৰ্ঘদিনৰ পৰা কাঠৰ কাৰবাৰৰ সৈতে জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে ৷

চোৰাংকাঠৰ গাড়ীৰে সৈতে গ্ৰেপ্তাৰ কৰা চালক আৰু হেণ্ডিমেনৰ স্বীকাৰোক্তি আৰু সাক্ষ্য প্ৰমাণৰ আধাৰতত ৱাজিৰ আহমেদক আজি গ্ৰেপ্তাৰ কৰা বুলি জনায় বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই ৷

বোকাখাত আৰক্ষীয়ে আজি ৱাজিৰ আহমেদক গ্ৰেপ্তাৰ কৰি বোকাখাতৰ আদালতত হাজিৰ কৰাৰ পাছত আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে কাঠ ব্যৱসায়ী ৱাজিৰ আহমেদক ৷

ধৃত ৱাজিৰ আহমেদে জনোৱা মতে জব্দ কৰা কাঠখিনি তেওঁ অৰুণাচলৰ পৰা ক্ৰয় কৰিছিল আৰু যোৰহাটলৈহে প্ৰেৰণ কৰিছিল ৷

মন কৰিবলগীয়া যে যোৰহাটলৈ প্ৰেৰণ কৰা কাঠ ভৰ্তি ট্ৰাক খন বোকাখাত আৰক্ষীয়ে কিন্তু ১২ আগষ্টত গুৱহাটী অভিমুখে গৈ থকা অৱস্থাত বোকাখাতৰ লতাবাৰীতহে জব্দ কৰিছিল ৷

ইফালে, কাঠ কঢ়িয়াই অনা এ এছ ২৩ চি চি ২২১২ নম্বৰৰ ট্ৰাকখন জনৈক জুলি দহোটীয়াৰ নামত তিনিচুকীয়াত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে ৷

জব্দ কৰা কাঠৰ সৈতে জুলি দহোতীয়া জড়িত আছেনে নাই পৰৱৰ্তী অনুসন্ধানতহে জানিব পৰা যাব যদিও ঘটনাৰ সৈতে এটা অতি শক্তিশালী চক্ৰ জড়িত আছে বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷