NORTHEAST NOW (Assamese)
অসম

অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মাৰ পৰলোক

Posted by: এন ই নাও নিউজ January 15, 2019 3:39 pm

প্ৰাক্তন অগপ মন্ত্ৰী তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী বিৰাজ কুমাৰ শৰ্মাৰ আজি অসুস্থতাজনিত কাৰণত পৰলোক হয়। যকৃতৰ ৰোগত ভুগি থকা শৰ্মাক গুৱাহাটীৰ নেইমকেয়াৰ চিকিৎসালয়ত তেওঁক ৪ দিন পূৰ্বে ভৰ্তি কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭০ বছৰ।

উল্লেখযোগ্য যে অসম আন্দোলনৰ পৰিণতিত স্বাক্ষৰিত অসম চুক্তিত সদৌ অসম গণসংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে বিৰাজ কুমাৰ শৰ্মায়ো চহী কৰিছিল।

Assam Accord signign ceremony
অসম চুক্তিৰ স্বাক্ষৰ কৰা মুহূৰ্তত বিৰাজ কুমাৰ শৰ্মা। সোঁফালে বহি থকাজন।

কেন্দ্ৰীয় চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত হোৱা চুক্তিখনত চহী কৰা তিনিজন অসমীয়াৰ মাজৰে এজন আছিল বিৰাজ কুমাৰ শৰ্মা। আন দুজন আছিল সেই সময়ত আছুৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত আৰু সাধাৰণ সম্পাদক ভৃগু কুমাৰ ফুকন।

ইপিনে যোৱা ২০০৬ চনত ভৃগু কুমাৰ ফুকনৰ মৃত্যু হৈছিল। আজি বিৰাজ কুমাৰ শৰ্মাৰো মৃত্যু হোৱাত কেৱল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তহে থাকিলগৈ চুক্তিখনত স্বাক্ষৰকাৰী।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিৰাজ কুমাৰ শৰ্মাই অগপৰ দ্বিতীয়টো কাৰ্য্যকালত গুৱাহাটী পৌৰ প্ৰশাসনৰ মন্ত্ৰী হৈ থকা অৱস্থাত সশস্ত্ৰ বিদ্ৰোহী গোট আলফাৰ সদস্যই গুলীয়াই গুৰুতৰভাৱে আহত কৰিছিল। ঘটনাটোত তেওঁৰ এজন নিৰাপত্তা বিষয়া দীপক গগৈ নিহত হোৱাৰ লগতে আন কেইবাজনো নিৰাপত্তা কৰ্মী আহত হৈছিল। শৰ্মা গুৱাহাটী পূব সমষ্টিৰ পৰা ৪ বাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰি ২ বাৰ জয়ী হৈছিল।