NORTHEAST NOW (Assamese)
অসম

জাতীয় উৎসৱৰ প্ৰতি শ্ৰদ্ধা : গোৱালপাৰাত ধুতি-গামোচা পৰিধানেৰে তেল যোগান ধৰিছে তেল ডিপোৰ কৰ্মচাৰীয়ে

Posted by: নীলমণি শৰ্মা January 15, 2019 2:50 pm
Goalpra Petrol pump

মাঘ বিহু উদযাপনক লৈ ব্যস্ত হৈ আছে সমগ্ৰ ৰাজ্যবাসী। ইয়াৰ ব্যতিক্ৰম নহ’ল গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পেট্ৰ’ল পাম্পত কৰ্মৰত কৰ্মচাৰীসকলো। প্ৰত্যেক বছৰৰ দৰে এইবছৰো মাঘ বিহুৰ দোমাহিৰ দিনা পেট্ৰ’ল পাম্পটোত কৰ্মৰত কৰ্মচাৰীসকলে সম্পূৰ্ণ অসমীয়া সাজ-পাৰ পৰিধান কৰি নিজৰ নিজৰ কৰ্তব্য পালন কৰা পৰিলক্ষিত হয়। এই অভাৱনীয় দৃশ্যই গৌৰৱাম্বিত কৰি তুলিছে গোৱালপাৰাবাসীক।

ইয়াৰ উপৰি মাঘ বিহু উপলক্ষে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই এইবাৰ এক ব্যতিক্ৰমী প্ৰয়াস কৰাৰো চেষ্টা কৰিছে। আজি ৰাতিপুৱাৰে পৰা পেট্ৰ’ল পাম্পটোত তেল ভৰাবলৈ অহা প্ৰতিজন গ্ৰাহককে পাম্প কৰ্তৃপক্ষই লাৰু, পিঠা, দৈ-চিৰাৰে আপ্যায়ন কৰিছে।

পুৱাৰ পৰাই এনেদৰে অসমীয়া ধুতি-গামোচা পৰিধান কৰি তেল যোগান ধৰাৰ লগতে লাৰু পিঠাৰে আপ্যায়িত কৰি থকা শ্ৰমিক সকলক দেখি আপ্লুত হৈ পৰিছে গোৱালপাৰা চহৰবাসীৰ লগতে জিলাবাসীও।

উল্লেখ্য যে ইয়াৰ আগতেও টুকুৰাৰ ভাৰত পেট্ৰ’লিয়ামৰ কৰ্মীসকলে সম্পূৰ্ণ অসমীয়া সাজ পৰিধান কৰি কৰ্তব্য পালনৰ লগতে এনেদৰে বিহু উদ্‌যাপন কৰা বুলি পাম্প কৰ্তৃপক্ষই জানিবলৈ দিয়ে।