NORTHEAST NOW (Assamese)
Popular Stories

ৰাছিয়াত চিকিৎসাধীন ইৰাণৰ নতুন নেতা মোজতবা: পুটিনে লৈছে নেকি সুৰক্ষাৰ দায়িত্ব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2026 8:51 pm

আমেৰিকা আৰু ইজৰাইলৰ এক যৌথ আক্ৰমণত ইৰাণৰ নতুন উচ্চতম নেতা মোজতবা খামেনেই গুৰুতৰভাৱে আহত হোৱা বুলি চাঞ্চল্যৰ সৃষ্টি হৈছে। কুৱেইটৰ সংবাদ প্ৰতিষ্ঠান আল জাৰিদাৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি, মোজতাবা বৰ্তমান ৰাছিয়াৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে। এই খবৰে এতিয়া আন্তৰ্জাতিক ৰাজনীতিৰ মহলত তীব্ৰ চৰ্চা লাভ কৰিছে। প্ৰশ্ন উঠিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এতিয়া মোজতাবাক সুৰক্ষা প্ৰদান কৰিবলৈ নিজেই আগবাঢ়ি আহিছে নেকি।

প্ৰকাশিত বাতৰি অনুসৰি, মোজতাবা খামেনেইৰ শাৰীৰিক অৱস্থাক লৈ পুটিন যথেষ্ট চিন্তিত হৈ পৰিছে। এই সন্দৰ্ভত তেওঁ শেহতীয়াকৈ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে টেলিফোনযোগে বাৰ্তালাপো কৰিছে। পুটিনে ব্যক্তিগতভাৱে আগবঢ়োৱা এক প্ৰস্তাৱৰ ভিত্তিত যোৱা বৃহস্পতিবাৰে মোজটাবাক এখন বিশেষ ৰাছিয়ান সামৰিক বিমানযোগে মস্কোলৈ লৈ যোৱা হয়। যদিও ৰাছিয়া চৰকাৰে এই খবৰ এতিয়ালৈকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই, তথাপিও পুটিনৰ প্ৰেছ সচিব দিমিট্ৰি পেস্কোভে এই দাবী অস্বীকাৰো কৰা নাই। তেওঁ কেৱল জনাইছে যে এনে সংবেদনশীল প্ৰতিবেদনৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ মন্তব্য নকৰে।

আনহাতে দ্য টেলিগ্ৰাফৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে চলোৱা এক বৃহৎ আক্ৰমণত মোজতাবা খামেনেই কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল। এক গোপন অডিঅ’ ৰেকৰ্ডিঙৰ উদ্ধৃতি দি প্ৰতিবেদনখনত কোৱা হৈছে যে সেইদিনা নিশা প্ৰায় চাৰে ন বজাত তেহৰাণত থকা খামেনেইৰ কাৰ্যালয়ত বিধ্বংসী বোমা বিস্ফোৰণ ঘটোৱা হৈছিল। আক্ৰমণৰ মাত্ৰ কেইমিনিটমান পূৰ্বে মোজতাবা কাৰ্যালয়ৰ পৰা ওলাই আহিছিল বাবে তেওঁ মৃত্যুৰ মুখৰ পৰা বাচি যায় যদিও এই ঘটনাত তেওঁৰ পত্নী আৰু পুত্ৰৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ব্ৰিটিছ সংবাদ মাধ্যম দ্য চান-ৰ মতে, মোজতাবা বৰ্তমান ক’মাত আছে আৰু তেওঁৰ অৱস্থা অতি সংকটজনক। আনকি কিছুমান মহলে তেওঁৰ মৃত্যু হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। এনে অনিশ্চয়তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত মৌনতা ভংগ কৰিছে। তেওঁ জনাইছে যে ইৰাণৰ নতুন উচ্চতম নেতাজন এতিয়াও জীৱিত আছে, কিন্তু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। বৰ্তমান ৰাছিয়াত তেওঁৰ চিকিৎসাৰ খবৰে এইটোৱেই ইংগিত দিছে যে ইৰাণৰ কঠিন সময়ত ৰাষ্ট্ৰপতি পুটিনে তেওঁলোকক সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়াইছে।