NORTHEAST NOW (Assamese)
অসম

৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণ : চিবিআইৰ বিশেষ আদালতৰ ঐতিহাসিক ৰায়

Posted by: এন ই নাও নিউজ January 28, 2019 12:18 pm
bomb blast

২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ চি বি আইৰ ফাষ্ট ট্ৰেক আদালতত চলি থকা গোচৰটোৰ আজি আদালতখনে এক ঐতিহাসিক ৰায় প্ৰদান কৰে।

বিস্ফোৰণত অভিযুক্ত ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, নীলিম দৈমাৰী, জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, ৰাজেন গয়াৰী, বি থৰাই, মিথু ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, ল’ক বসুমতাৰী আৰু বৈশাগী বসুমতাৰীকে ধৰি চিবিআইৰ বিশেষ আদালতখনে মুঠ ১৪জনক দোষী সাব্যস্ত কৰে।

দোষী সাৱ্যস্ত কৰা ১৪ জনৰ মাজৰ ৪জনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ৩জন পলাতক হৈ আছে। তদুপৰি, আদালতে অভিযুক্ত মৃদুল গয়াৰীক দোষমুক্ত ঘোষণা কৰে।

বিস্ফোৰণৰ গোচৰটোৰ শুনানি প্ৰক্ৰিয়াত বিগত ১৭ জানুৱাৰিৰ পৰা পদকীয়া পক্ষৰ যুক্তি প্ৰদৰ্শন চলি আছিল। যোৱা ২২তাৰিখে তেওঁলোকৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ অন্ত পৰে। ইপিনে,চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শন যোৱা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল। পৰৱৰ্তী  ৩০ জানুৱাৰিত  আদালতে দোষীসকলৰ শাস্তিৰ ৰায় প্ৰদান কৰিব।

উল্লেখযোগ্য যে গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ আৰু ফাঁচিবজাৰৰ লগতে বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত এন ডি এফ বিয়ে সংঘটিত কৰা ধাৰাবাহিক বোমা বিস্ফোৰণত মুঠ ৮৮ জন লোক নিহত হৈছিল। এই ঘটনাত ৪৭০ জন লোক আহত হৈছিল। গোচৰটোত এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীকে ধৰি মুঠ ২২ জনক অভিযুক্ত কৰা হৈছিল। তদুপৰি, গোচৰৰ শুনানি প্ৰক্ৰিয়াত ইতিমধ্যে ৬৫০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে।