NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ খৱৰ! ইউক্ৰেইনত নাটো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি ইৰাণক দিছে ৰাছিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2023 8:20 pm
যুদ্ধৰ খৱৰ! ইউক্ৰেইনত নাটো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি ইৰাণক দিছে ৰাছিয়াই

ৰাছিয়াই নাটো মিত্ৰজোঁট আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনক দিয়া কিছুমান অস্ত্ৰ জব্দ কৰিছে। সেই জব্দ কৰা অস্ত্ৰসমূহ ইৰাণলৈ প্ৰেৰণ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম চিএনএনৰ এক প্ৰতিবেদনত এই দাবী কৰা হৈছে।

চাৰিটা বিশেষ সূত্ৰৰ উদ্ধৃতি দি এই প্ৰতিবেদন প্ৰকাশ কৰিছে সংবাদ মাধ্যমটোৱে।

যোৱা এবছৰত ৰাছিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিৰ দ্বাৰা প্ৰেৰণ কৰা কিছুমান অস্ত্ৰ জব্দ কৰিছে। ইয়াৰ ভিতৰত আছে জেভেলিন এণ্টি-টেংক আৰু ষ্টিংগাৰ এণ্টি-এয়াৰক্ৰাফ্ট চিষ্টেমৰ দৰে অস্ত্ৰ।

লগতে পঢ়ক: অসুস্থ বতাহ! মেট্ৰ’ চিটিত প্ৰথম মৃত্যু; দেশজুৰি H3N2 ভাইৰাছৰ সংক্ৰমণ

প্ৰতিবেদন অনুসৰি, এইবোৰ বিশ্লেষণৰ বাবে ইৰাণলৈ প্ৰেৰণ কৰা হৈছে। ইৰাণৰ বাহিনীয়ে যাতে এই অস্ত্ৰসমূহ নিৰীক্ষণ কৰিব পাৰে আৰু সেই অনুসৰি তেওঁলোকৰ নিজৰ অস্ত্ৰ বনাব পাৰে।

ৰাছিয়াই জব্দ কৰা অস্ত্ৰসমূহৰ ইৰাণলৈ সৰবৰাহ অব্যাহত ৰখা বুলি চিএনএনৰ বাতৰিত দাবী কৰা হৈছে।  

লগতে পঢ়ক: বিয়েৰ খালে সঁচাকৈয়ে কিডনিত পাথৰ সৃষ্টি হ’ব নোৱাৰে? কি কয় গৱেষণাই?

অৱশ্যে, এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনৰ পৰা কোনো বিতং তথ্য পোৱা হোৱা নাই। ৰাছিয়া বা ইৰাণেও এই বিষয়ত কোনো মন্তব্য কৰা নাই। সেইদৰে, ইউক্ৰেনৰ ফালৰ পৰাও এই বিষয়ত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই।