NORTHEAST NOW (Assamese)
Popular Stories

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2023 7:25 am

২০০৪ চনতে কবি নীলমণি ফুকনে জ্যেষ্ঠ সাংবাদিক নিত্য বৰাৰ হাতত তুলি দিছিল এটি বন্ধ লেফাফা। লেফাফাৰ ওপৰত লিখা আছিল – খামটো মই যোৱাৰ পিছত খুলিবা। বিশ্বাসটো ৰাখিবা।

সদ্য প্ৰয়াত কবি নীলমণি ফুকনৰ সেই বিশেষ খামটোৰ ভিতৰত থকা চিঠিখন মুকলি কৰা হ’ব আজি। আজি দিনৰ ১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাবে তথা ৰাজহুৱাকৈ এই বিশেষ চিঠিখন মুকলি কৰা হ’ব। কবিজনাৰ মৃত্যুৰ পিছতেই এই চিঠিখন খোলাৰ কথা আছিল যদিও পৰিয়ালৰ নিবেদনক্ৰমে আদ্যশ্ৰাদ্ধৰ পিছত চিঠিখন খোলাৰ সিদ্ধান্ত লৈছিল সাংবাদিকগৰাকীয়ে।

এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, মৃত্যুৰ পিছতহে খুলিবা বুলি কৈ থৈ যোৱা সেই লেফাফাটোৰ ভিতৰত থকা চিঠিখনত কি আছে? জানিব পৰা মতে অসমীয়া সাহিত্যৰ এক কলা ইতিহাসৰ অধ্যায় আছে সেই চিঠিখনত।

সত্তৰ দশকত কোনো জ্যেষ্ঠ সাহিত্যকৰ্মীয়ে নীলমণি ফুকনক কবিতা চুৰিৰ অভিযোগেৰে অসমীয়া সাহিত্যৰ পৰা নোহোৱা কৰি দিবলৈ খুজিছিল। কোনো অস্তিত্ব নথকা নথকা আলোচনী এখনৰ গইনা লৈ কবিতা চুৰিৰ মিছা নাটক ৰচিছিল ফুকনৰ প্ৰতিভাত জ্বলি পুৰি ডেই যোৱা কেইজনমান সাহিত্যকৰ্মীয়ে।

অৱশ্যে কবি নীলমণি ফুকনে নিজা প্ৰচেষ্টাত সেই অভিযোগ মিছা বুলি প্ৰমাণ কৰি নিজকে দোষমুক্ত কৰিছিল। কিন্তু তেতিয়া কবিগৰাকীয়ে কোৱা নাছিল সেই ষড়যন্ত্ৰকাৰী সকল কোন। হয়তো এই চিঠিৰ জৰিয়তেই কবি নীলমণি ফুকনে লিখি থৈ গৈছে সেই ষড়যন্ত্ৰকাৰী সকলৰ নাম। আজি খোলা হ’ব সেই চিঠিখন।