NORTHEAST NOW (Assamese)
অসম

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 2, 2023 8:44 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে। ইয়াৰ বাবে চৰকাৰৰ খৰচ হৈছে ২২.৭৬ কোটি টকা। বৃহস্পতিবাৰে ৰাজ্যসভাত চৰকাৰে এই তথ্য প্ৰদান কৰিছে।

চৰকাৰে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰপতিয়ে এই সময়ছোৱাত আঠবাৰ বিদেশ ভ্ৰমণ কৰিছে। চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাবে ৬.২৪ কোটি টকা খৰচ কৰিছিল।

ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণে এইকথা সদৰী কৰে। তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰপতিৰ বাবে ৬ কোটি ২৪ লাখ ৩১ হাজাৰ ৪২৪টকা আৰু প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ বাবে ২২ কোটি ৭৬ লাখ ৭৬ হাজাৰ ৯৩৪ টকা ব্যয় কৰিছিল।

আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বিদেশ ভ্ৰমণৰ বাবে চৰকাৰৰ ২০ কোটি ৮৭ লাখ ১হাজাৰ ৪৭৫ টকা খৰচ হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ২০১৯ ৰ পৰা ৮৬ টা বিদেশ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে জাপানলৈ গৈছে তিনিবাৰ, দুবাৰকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত আৰৱ আমিৰাত ভ্ৰমণ কৰিছে।

উক্ত সময়ছোৱাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কৰা আঠটা বিদেশ ভ্ৰমণৰ ভিতৰত  সাতবাৰতেই ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ৰামনাথ কোবিন্দ। যোৱা বছৰ ছেপ্টেম্বৰত বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই ইংলেণ্ড ভ্ৰমণ কৰিছিল।