NORTHEAST NOW (Assamese)
Popular Stories

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2023 8:14 pm

ভাৰতৰ কিংবদন্তী অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৩ সংস্কৰণৰ আগতে প্ৰশিক্ষণ আৰম্ভ কৰিছে। এগৰাকী ক্ৰিকেটাৰ হিচাপে ধোনীয়ে যথেষ্ট সফলতা লাভ কৰিছে। মিডল অৰ্ডাৰ বেটছমেন, ফিনিচাৰ, উইকেট-কিপাৰ, আৰু অধিনায়ক – যি ভূমিকাতে নহওক, সফলতাই তেওঁক ছানি ধৰিছে। কিন্তু এইবাৰ ধোনীক এক সম্পূৰ্ণ নতুন চৰিত্ৰত দেখা পোৱা গৈছে। তেওঁক এজন আৰক্ষী বিষয়াৰ ভূমিকাত দেখা গৈছে।

ধোনী ভাৰতীয় টেৰিটৰিয়েল আৰ্মীৰ সৈতে জড়িত। তেওঁ লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় পদবীত অধিষ্ঠিত। কিন্তু এইবাৰ তেওঁক এজন আৰক্ষীৰ চৰিত্ৰত দেখা গৈছে। ধোনীৰ ছবিখন টুইটাৰত ভাইৰেল হৈ পৰিছে।

ছবিখনত, ধোনীক আৰক্ষীৰ দৰে খাকী পোছাক পিন্ধা দেখা গৈছে। এনেকুৱা লাগিছে যেন তেওঁ যিকোনো ডাঙৰ সমস্যা মোকাবিলা কৰাত ব্যস্ত। ছবিখন দেখি ধোনীৰ অনুৰাগীসকলো হতবাক হৈ পৰিছে।

অনুৰাগীসকলৰ মনৰ প্ৰশ্নটো হ’ল, ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আই পি এলৰ আগন্তুক ছিজনত কিয় ক্ৰিকেট এৰি এজন আৰক্ষীৰ ভূমিকা পালন কৰিছে?  জানিব পৰা গৈছে যে ধোনী কোনো বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ বাবে এজন আৰক্ষী বিষয়া হৈ পৰিছে। সেই বিজ্ঞাপনটো সোনকালেই দেখা যাব।

এইটো প্ৰথম বাৰৰ বাবে নহয় যে ধোনী এজন আৰক্ষী বিষয়া হৈছে, তেওঁক আগতেও ট্ৰেফিক আৰক্ষীৰ পোছাকত দেখা গৈছিল। ফটোখনো ভাইৰেল হৈ পৰিছিল। সেইখনো এটা বিজ্ঞাপনৰ ফটো আছিল।

ধোনীয়ে অলপতে ৰাঁচীত ভাৰতীয় দলটোক লগ পাইছিল। তাত হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতীয় দলে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেল খেলিছিল। ভাৰতে মেচখনত পৰাজিত হৈছিল।

ধোনীয়ে আই পি এলৰ ১৬ তম সংস্কৰণত পুনৰ ২২ গজলৈ উভতি আহিব। ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছে (চিএছকে) চাৰিটা খিতাপ জিকিছে। ধোনীয়ে যোৱা বছৰ ৰবীন্দ্ৰ জাদেজাক নেতৃত্বৰ ভাৰ অৰ্পণ কৰিছিল। কিন্তু বেয়া ফলাফল আৰু অতিৰিক্ত চাপৰ বাবে তাৰকা অলৰাউণ্ডাগৰাকীয়ে দায়িত্ব এৰি দিয়ে। তাৰ পিছত ধোনীয়ে পুনৰ চেন্নাইক নেতৃত্ব দিছিল।