NORTHEAST NOW (Assamese)
অসম

এন ডি পি পি-বিজেপি মিত্ৰজোঁটেই নাগালেণ্ডত লাভ কৰিব চূড়ান্ত সংখ্যাগৰিষ্ঠতা : নেইফিউ ৰিঅ’

Posted by: এন ই নাও নিউজ March 3, 2018 3:46 pm
Neiphiu-Rio

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা এন ডি পি পি-বিজেপি মিত্ৰজোঁটৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী নেইফিউ ৰিঅ’ই শনিবাৰে কয় যে তেওঁলোকৰ মিত্ৰজোঁটেই চূড়ান্ত সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

ভাৰতৰ নিৰ্বাচন আয়োগৰ শেহতীয়া আপডে’ট অনুসৰি ৰাজ্যখনত এন পি এফ দুখন আসনত বিজয়ী হৈছে আৰু ২০ খনত আগবাঢ়ি আছে। আনহাতে এন ডি পি পি আগবাঢ়ি আছে ১৫ খন, বিজেপি ৬ খন, এন পি এফ ৪ খন, জনতা দল (য়ু) ১ খন আৰু অন্যান্য ২ খন আসনত আগবাঢ়ি আছে। উত্তৰ আংগামী ২ আসনত নেইফিঅ’ ৰিঅ’ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

শনিবাৰে তেওঁ কয়, ‘এন ডি পি পি-বিজেপি মিত্ৰজোঁটে অকলেই চূড়ান্ত সংখ্যাগৰিষ্ঠতা পাব বুলি মই আশা কৰিছো।’

আনহাতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী তথা এন পি এফ আৰু ইয়াৰ মিত্ৰ জোঁটৰ মুখ্য মন্ত্ৰিত্বৰ প্ৰাৰ্থী টি আৰ জেলিয়াঙে শনিবাৰে বোলে কয়, ‘এন পি এফে বিজেপিৰ সৈতে মিত্ৰ চৰকাৰ গঠন কৰিবলৈ আগ্ৰহী।’ এন ডি টিভিয়ে জেলিয়াঙে বিজেপিৰ সৈতে মিত্ৰজোঁট চলি থাকিব আৰু নিৰ্বাচনৰ পিছত গেৰুৱা দলটোৱে তেওঁৰ চৰকাৰত যোগ দিব বুলি কোৱা বুলি বাতৰি সম্প্ৰচাৰ কৰিছে। তেওঁ বোলে লগতে অসমৰ বিত্ত মন্ত্ৰী তথা নেদা (NEDA)ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী তথা নাগালেণ্ড নিৰ্বাচনত বিজেপিৰ দায়িত্বত থকা কিৰেন ৰিজিজুৰ লগত এই সন্দৰ্ভত তেওঁ আলোচনা কৰা বুলিও কৈছে।