NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ গৃহ চহৰত আজি হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2021 4:16 pm
Chief minister Himanta Biswa Sharma in Mariani

অখিল গগৈৰ গৃহ চহৰ মৰিয়নীত আজি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মৰিয়নী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনী কেইবাখনো সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী জনে।

সমষ্টিৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰিবলৈ চৰকাৰ যিহেতু বিজেপি সেয়ে বিজেপি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয় কৰাই চৰকাৰৰ সকলো সা সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰাইজক।

সভাত মুখ্যমন্ত্ৰী শৰ্মাই বাট-পথ, শিক্ষা, স্বাস্থ্য তথা বিভিন্ন আঁচনিৰ সুবিধা আদি সকলো ক্ষেত্ৰতে ৰাইজে আগন্তুক তিনিমাহৰ ভিতৰত উন্নয়নৰ মুখ দেখিব বুলি মন্তব্য কৰে।

নিৰ্বাচনৰ মাজতে সকলোকে ভেকচিন ল’বলৈ আহ্বান জনোৱাৰ লগতে কভিডৰ আতংকৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভাষণ প্ৰসংগত তেওঁ মাইক্ৰ’ ফাইনেন্স লোণৰ সন্দভৰ্ত অতি সোনকালে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এক নতুন কৌশলেৰে লোন মাৰি দিয়াৰ প্ৰতিশ্ৰুতি।

মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত সভাসমূহত বহুসংখ্যক অনান্য ৰাজনৈতিক দলৰ কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত।