NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় শ্বুটিঙত স্বৰ্ণ জয় কৰা ‘হৃদয়’ক সম্বৰ্ধনা জনালে মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: এন ই নাও নিউজ September 14, 2018 8:15 am
DSC_3842-570x320

দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰি অসমৰ লগতে গোটেই দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা হৃদয় হাজৰিকাক বৃহস্পতিবাৰে গুৱাহাটীৰ শিল্পগ্ৰামত এক অনুষ্ঠানৰ মাজেৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বুটাৰ হৃদয়ক এখন শৰাই, গামোচা, জাপি, অভিনন্দনপত্ৰ আৰু ক্ৰীড়ানীতি অনুসৰি ২৫ লাখ টকাৰ চেক প্ৰদান কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে উদীয়মান শ্বুটাৰগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে তেওঁক উদ্দেশ্যি কয়, ‘হৃদয় তুমি আমাৰ সকলোৰে জিনিলা হৃদয়। তোমাৰ সাফল্য তথা কৃতকাৰ্যতাই সৃষ্টি কৰক হেজাৰজন হৃদয়ৰ, যিয়ে আমাৰ শক্তি আৰু সামৰ্থ বিশ্বত প্ৰকাশ কৰিবলৈ সক্ষম হ’ব’।

হিমা দাসৰ পাছত বিশ্ব পৰ্যায়ত অসমৰ আন এক সফলতা বুলি উল্লেখ কৰি সোণোৱালে কয় যে শ্বুটিং খেলৰ প্ৰতি নৱ প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে শ্বুটিং ৰেঞ্জ স্থাপন কৰিব যাতে অসমৰ পৰা হৃদয়ৰ দৰে আৰু অধিক বিশ্বমানৰ খেলুৱৈৰ সৃষ্টি হয়। তাৰোপৰি মুখ্য মন্ত্ৰীয়ে ২০২০ত টকিঅ’ত হ’বলগীয়া অলিম্পিকত সাফল্য লাভ কৰাৰ বাবে হৃদয়ক প্ৰয়োজনীয় সকলো সা-সুবিধা ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰে।

ইফালে অনুষ্ঠানত ভাষণ প্ৰদান কৰি হৃদয় হাজৰিকাই তেওঁৰ এই সফলতাৰ বাবে পিতৃ-মাতৃ, সকলো স্তৰৰ প্ৰশিক্ষক আৰু অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে তেওঁ আগন্তুক প্ৰতিযোগিতা সমূহতো সফলতা আহৰণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা কৰি যাব বুলি দৃঢ়তাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে।

বৃহস্পতিবাৰৰ এই অভিনন্দন অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰিহণ দৈমাৰী, মন্ত্ৰী চুম ৰংহাং, সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক সত্যব্ৰত কলিতাৰ লগতে বিভিন্ন ব্যক্তি উপস্থিত আছিল।