NORTHEAST NOW (Assamese)
অসম

সোমবাৰৰ পৰা নাগালেণ্ডত নীতি নিৰ্দেশনাৰ মাজেৰে চৰকাৰী কাৰ্য্যালয়লৈ উভতিব কৰ্মচাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 11, 2020 8:18 pm
Office-620x375

সচিবালয় আৰু পৰিদৰ্শকৰ কাৰ্য্যালয়কে ধৰি নাগালেণ্ডৰ সকলো চৰকাৰী কাৰ্য্যালয় সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব।

শনিবাৰে এখন স্মাৰকপত্ৰত মুখ্য সচিৱ তেমজেন ত’য়ে ৰাজ্যখনৰ সকলো প্ৰশাসনিক বিভাগক নিৰ্দিষ্ট পদ্ধতি আৰু নীতি নিৰ্দেশনাৰ মাজেৰে কাৰ্য্যালয়লৈ অহাৰ বাবে আহ্বান জনাইছে।

আনহাতে, যিসকল লোকে নিৰ্দিষ্ট দিনত কাৰ্য্যালয়ত উপস্থিত থাকিব নোৱাৰে তেওঁলোকে ঘৰৰ পৰাই টেলিফোন অথবা অন্য ইলেক্ট’নিক মাধ্যমৰ যোগেৰে উপলব্ধ হৈ থাকিব লাগিব।

তদুপৰি, চৰকাৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে সকলো ধৰণৰ প্ৰয়োজনীয় কাৰ্য্যপন্থা হাতত লোৱাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।

নাগালেণ্ডৰ গৃহ বিভাগৰ মুখ্য সচিৱ অভিজিত সিনহাই বৰ্তমানলৈ নাগালেণ্ডত মুঠ ৭০ টা ক’ৰ’না ভাইৰাছৰ  পৰীক্ষা কৰা হৈছে আৰু সকলোবোৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে বুলি জনায়।

সিনহাই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ই শনিবাৰে ৰাজ্যখনৰ সকলো জিলাৰ উপায়ুক্ত সকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ সহায়ত বাৰ্তালাপ কৰি ক’ৰ’নাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ লগতে জিলা সমূহক সষ্টম হৈ থকাৰ বাবে আহ্বান জনায়।